ৰোহিতৰে ইনিংছ মুকলি কৰিব ৰাহুলেঃ কোহলি
ইংলেণ্ডৰ বিপক্ষে আজি পৰা আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচত টীম ইণ্ডিয়াৰ হৈ ৰোহিত শর্মাৰে ইনিংছ মুকলি কৰিব লোকেশ ৰাহুলে৷ ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে আজি এই কথা স্পষ্ট কৰিছে৷ ইপিনে, আজিৰ মেচখনত অভিজ্ঞ তাৰকা স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে মূল একাদশত স্থান লাভ নকৰে বুলি উল্লেখ কৰি কোহলিয়ে কয় যে অশ্বিনৰ স্থানত ৱাশ্বিংটন সুন্দৰক মূল একাদশত অন্তর্ভুক্ত কৰা হ’ব৷ শেহতীয়াভাৱে সুন্দৰে দাঙি ধৰা উন্নত বেটিং প্রদর্শনৰ বাবেই কাইলৈৰ টি–২০ মেচখনত খেলাৰ সুযোগ দিয়া হ’ব বুলি কোহলিয়ে মন্তব্য কৰে৷ বিগত কেইটামান শৃংখলাত ৰোহিত আৰু ৰাহুলে ইনিংছ মুকলি কৰি ভাৰতীয় দলটোক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হৈছে আৰু সেয়েহে টি–২০ শৃংখলাটোতো ৰোহিত আৰু ৰাহুলে ইনিংছ মুকলি কৰিব৷ তৃতীয়গৰাকী অ’পেনাৰ হিচাপে শিখৰ ধাৱনৰ নাম উচ্চাৰিত হৈছে যদিও আজিৰ মেচখনত ৰোহিতে ৰাহুলৰে ইনিংছ মুকলি কৰিব বুলি কোহলিয়ে মন্তব্য কৰে৷