আইপিএলকহে প্রাধান্য দিছে কোহলি বাহিনীয়ে
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ইউ এ ইত চলি থকা আই চি চি টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ দৌৰৰ পৰা টীম ইণ্ডিয়া বাহিৰ হোৱাৰ বাবে ঐশ্বর্যশালী টি–২০ লীগ আই পি এলক জগৰীয়া কৰিছে ভাৰতৰ একালৰ কিংবদন্তি ক্রিকেটাৰ কপিল দেৱ আৰু মদন লালে৷ ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱে বিশ্বকাপত টীম ইণ্ডিয়াৰ বিপর্যয়ক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰি কয় যে খেলুৱৈসকলে যেতিয়া দেশৰ হৈ খেলাৰ পৰিৱর্তে আই পি এলক অধিক প্রাধান্য দিয়ে তেতিয়া ক’বলৈ একো নাথাকে৷ দেশৰ হৈ খেলি প্রতিগৰাকী খেলুৱৈয়ে গৌৰৱ অনুভৱ কৰা উচিত বুলি উল্লেখ কৰি একালৰ সুদক্ষ অলৰাউণ্ডাৰগৰাকীয়ে কয় যে খেলুৱৈসকলে আই পি এলত অংশ লোৱাটো বেয়া কথা নহয়, কিন্তু দেশৰ হৈ খেলাতহে তেওঁলোকে অধিক মনোনিৱেশ কৰিব লাগে৷ টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ এই বিপর্যয়ৰ পৰা শিক্ষা লৈ বি চি চি আয়ে ভাৰতীয় ক্রিকেটক সঠিক দিশত আগুৱাই নিয়াৰ দায়িত্ব গ্রহণ কৰা উচিত বুলিও কপিলদেৱে উল্লেখ কৰে৷
ইফালে, ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ আন এগৰাকী সদস্য মদন লালেও ভাৰতৰ অনাকাংক্ষিত বিপর্যয়ৰ বাবে আই পি এলক দোষাৰোপ কৰিছে৷ ‘খেলুৱৈসকলে সিদ্ধান্ত লোৱা উচিত যে তেওঁলোকৰ বাবে বিশ্বকাপ নে আই পি এল অধিক গুৰুত্বপূর্ণ৷ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতৰ আগশাৰীৰ খেলুৱৈসকলে আই পি এলৰ পৰা আঁতৰি থাকিব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকে আই পি এল খেলি বাহিৰে বাহিৰে বিশ্বকাপত অংশ লয়৷ বিশ্বকাপলৈ সঠিক পৰিকল্পনা যুগুত কৰিবলৈও তেওঁলোকৰ সময়ৰ অভাৱ হৈছিল৷’ মদন লালে এইদৰে ভাৰতীয় খেলুৱৈসকলক ক্ষুৰধাৰ সমালোচনা কৰে৷
আনহাতে, ভাৰতৰ একালৰ কিংবদন্তি বেটছমেন গাভাস্কাৰে টীম ইণ্ডিয়াৰ প্রদর্শনক লৈ কয় যে পাকিস্তান আৰু নিউজিলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে বেটছমেনৰ শোচনীয় প্রদর্শনেই ভাৰতৰ বিপর্যয়ৰ প্রধান কাৰণ৷