নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীর্ঘ ৭৬৭ দিন ধৰি শতকৰ মুখ দেখা নাই বিৰাট কোহলিয়ে

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০২০ চনৰ পিছত ২০২১ চনতো এটাও আন্তর্জাতিক শতকৰ মুখ নেদেখাকৈ বর্ষটো সামৰিলে ভাৰতীয় টেষ্ট ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷ ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ বিপক্ষে চেঞ্চুৰিয়নত খেলি থকা প্রথমখন টেষ্টৰ দুয়োটা ইনিংছতে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয় ভাৰতীয় দলটোৰ তাৰকা বেটছমেনগৰাকী৷ চলিত টেষ্টখনৰ প্রথম ইনিংছত ৩৫ ৰান কৰা অধিনায়ক কোহলিয়ে দ্বিতীয় ইনিংছতো বিশেষ বৰঙণি আগবঢ়োৱাত ব্যর্থ হয়৷ অধিনায়কগৰাকীয়ে বুধবাৰে মাত্র ১৮ ৰান কৰি পেভিলিয়নমুখী হয়৷ ক্রমাগত পাঁচটা ইনিংছত অর্ধশতকৰ মুখ নেদেখা ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে সুদীর্ঘ ৭৬৭ দিন ধৰি এটাও আন্তঃৰাষ্ট্রীয় শতকৰ মুখ দেখা নাই৷ চলিত বর্ষত টেষ্ট ক্রিকেটত মাত্র চাৰিটা অর্ধশতক অর্জন কৰা কোহলিয়ে ২০২১ চনত ১১খন টেষ্টত ২৮.২১ গড় ৰানেৰে মুঠ ৫৩৬ ৰানহে কৰিবলৈ সক্ষম হৈছে৷ ২০২১ চনৰ ২ ছেপ্টেম্বৰত অ’ভেলত ইংলেণ্ডৰ বিপক্ষে অন্তিমটো অর্ধশতক অর্জন কৰা বিৰাট কোহলিয়ে ২০১৯ চনৰ ২২ নৱেম্বৰত ইডেন গার্ডেনত বাংলাদেশৰ বিপক্ষে অন্তিমটো শতক অর্জন কৰিছিল৷ টেষ্ট ক্রিকেটৰ লগতে এদিনীয়া আৰু টি–২০ ক্রিকেটতো কোহলিৰ প্রদর্শন আছিল হতাশজনক৷ চলিত বছৰটোত মাত্র তিনিখন এদিনীয়া মেচত অংশ গ্রহণ কৰি ৬৬ সর্বোচ্চ ৰানেৰে কোহলিয়ে মুঠ ১২৯ ৰান কৰে৷ ইফালে, ১০খন টি–২০ মেচৰ ৮টা ইনিংছত চাৰিটা অর্ধশতকসহ মুঠ ২২৯ ৰান কৰে ভাৰতীয় এদিনীয়া আৰু টি–২০ দলটোৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে৷

You might also like