অন্তিমখন অলিম্পিক খেলিব মেৰীকমে
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ টকিঅ’ অলিম্পিকেই কেৰিয়াৰৰ অন্তিমখন অলিম্পিক বুলি মন্তব্য কৰিছে ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমে৷ অলিম্পিক চেনেলৰে হোৱা এক বার্তালাপত ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে কয় যে টকি’ই মোৰ কেৰিয়াৰৰ অন্তিমখন অলিম্পিক৷ কেইদিনমান পিছত মই ৩৯ বছৰত ভৰি দিম৷ অলিম্পিকত অংশ লোৱাৰ বাবে বয়সৰ সীমা হ’ল ৪০ বছৰ৷ গতিকে ২০২৪ চনত পেৰিছত হ’বলগীয়া অলিম্পিকত মই ভাগ ল’ব নোৱৰাটো খাটাং৷ কেৰিয়াৰৰ অন্তিমখন অলিম্পিকত স্বর্ণপদক জয় কৰি ভাৰতৰ নাম উজলাব বিচাৰিছে মেৰীকমে৷ উল্লেখ্য যে ২০১২ চনৰ লণ্ডন অলিম্পিকত মেৰীকমে ব্রঞ্জৰ পদক জয় কৰিছিল৷