নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত আজি নির্ণায়ক টি–২০; আত্মবিশ্বাসী কোহলি বাহিনী

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ চতুর্থ টি–২০ত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি পঞ্চম তথা নির্ণায়ক টি–২০ত ইংলেণ্ডক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা শৃংখলাৰ অন্তিমখন মেচত জয়েৰে ঘৰুৱা দলটোৱে শৃংখলাত শ্রেষ্ঠত্ব অর্জন কৰি টি–২০ বিশ্বকাপৰ পূর্বে মনোবল বৃদ্ধি কৰাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ সূর্য কুমাৰ যাদৱ, ঈশান কিশন আৰু শ্রেয়াছ আয়াৰৰ দুর্দান্ত ফর্মে টীম ইণ্ডিয়াক এই মুহূর্তত আত্মবিশ্বাসত ৰাখিছে যদিও বিশ্বৰ শীর্ষস্থানপ্রাপ্ত টি–২০ দল ইংলেণ্ডে নির্ণায়ক টি–২০ত জয়ৰ বাবে যে সর্বস্ব উজাৰি দিব সেয়া নিশ্চিত৷ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰ আৰু মার্ক উডে ইতিমধ্যে এই শৃংখলাত ভাৰতীয় বেটছমেনক শ’লঠেকত পেলাবলৈ সক্ষম হৈছে৷

অৱশ্যে আলহী দলটোৱে আজি জয়ৰ বাবে জেছন ৰয় আৰু ডেৱিদ মালানৰ পৰা আক্রমণাত্মক বেটিং আশা কৰিব৷ শেহতীয়া চাৰিখন মেচত এই দুই তাৰকাই দলৰ প্রত্যাশা পূৰণ কৰিব পৰা নাই৷ ইফালে, নির্ণায়ক টি–২০ত ভাৰতে আজি অ’পেনাৰ লোকেশ ৰাহুলৰ স্থানত উদীয়মান তাৰকা ঈশান কিশনক সুযোগ দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ শৃংখলাটোত ৰাহুলে এইপর্যন্ত সংগ্রহ কৰা ৰানৰ সংখ্যা হ’ল ১, ০, ০, ১৪৷ অধিনায়ক বিৰাট কোহলিৰ ফর্ম উদ্ধাৰেও ভাৰতীয় দলক বৃহৎ সকাহ দিছে৷ অৱশ্যে নির্ণায়ক টি–২০ত ভাৰতে বৃহৎ স্ক’ৰ সংগ্রহ কৰিবলৈ হ’লে অ’পেনাৰ ৰোহিত শর্মাই দলটোক আক্রমণাত্মক আৰম্ভণি দিয়াৰ প্রয়োজন হ’ব৷ বলিঙত ঘৰুৱা দলটোৱে আজি সালসলনি ঘটোৱাৰ কোনো সম্ভাৱনা নাই৷ ভুবনেশ্বৰ কুমাৰ আৰু ছার্দুল ঠাকুৰে চতুর্থ টি–২০ত নিয়ন্ত্রিত বলিঙেৰে ভাৰতৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ নৱাগত স্পীনাৰ দীপক চহৰেও ৱাশ্বিংটন সুন্দৰৰ সৈতে দলৰ হৈ উপযোগী বলিং কৰিবলৈ সক্ষম হয়৷ নৱাগত খেলুৱৈৰে গঠিত ভাৰতীয় বলিং আক্রমণে জ’ছ বাটলাৰ, জেছন ৰয়, ইয়ন মৰগান, মালান, ষ্ট’কছ আদিৰ দৰে বিস্ফোৰক বেটছমেনক কিদৰে প্রতিহত কৰে সেয়া আজি লক্ষণীয় হ’ব৷ উল্লেখ্য যে পাঁচখন মেচৰ টি–২০ শৃংখলাটো এই মুহূর্তত ২–২ৰ ব্যৱধানত অমীমাংসিত হৈ আছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like