নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনী আৰু সাক্ষীৰ যাদুকৰী প্ৰেম, বাল্যকালৰ পৰা বিবাহলৈকে…

নিয়মীয়া বাৰ্তা ২৬ মেঃ  প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী বিশ্বৰ ক্ৰিকেটত এটা জনপ্ৰিয় নাম। কেৱল দেশতেই নহয় বিদেশতো আছে মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসক।

ধোনী কেৱল এজন সফল ক্ৰিকেটাৰেই নহয় এজন সফল স্বামীও। ধোনীয়ে সাক্ষীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। জানিলে আচৰিত হ’ব ধোনীৰ প্ৰেম কাহানিও ক্ৰিকেটৰ কেৰিয়াৰৰ দৰে যাদুকৰী।

ধোনী আৰু সাক্ষী বাল্যকালৰ পৰা বন্ধু আছিলে। ধোনী আৰু সাক্ষীয়ে একে খন বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সৰুতেই সাক্ষীৰ পৰিয়ালে ডেৰাডুনলৈ গুচি যায়।

উল্লেখ্য যে সাক্ষীৰ জন্ম হৈছিল অসমত আৰু তাৰ পিছত শিক্ষাগ্ৰহণ কৰিছিল ৱেলহাম বিদ্যালয়ত  আৰু  ইন্সিটিউট অফ হোটেল মেনেজমেণ্টত অৰংগাবাদত হোটেল মেনেজমেণ্টৰ  ডিগ্ৰী লাভ কৰে।

ধোনীয়ে সাক্ষীক প্ৰায় ১০ বছৰৰ পিছত কলকাতাত লগ পাইছিল। যেতিয়া ভাৰতীয় ক্ৰিকেট দলটোৱে তাজ বেংগল হোটেলেত আছিল আৰু তেতিয়া সাক্ষী সেই হোটেলখনত ইণ্টাৰ্ণ কৰি আছিল। তেনে সময়তে দুয়োদুয়োকে দেখা পাইছিল। ধোনীয়ে সাক্ষীৰ নম্বৰ লৈছিল আৰু মেচেজ কৰা আৰম্ভ কৰিছিল যদিও সাক্ষীয়ে গুৰুত্ব দিয়া নাছিল।

অৱশেষত সাক্ষীয়েও ধোনীৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি দিয়ে আৰু ২০১০ চনৰ ৪ জুলাই তাৰিখে বিবাহ পাশত আবদ্ধ হয়। কিন্তু সাক্ষীয়ে ধোনীৰ লগ পোৱাৰ আগলৈকে ক্ৰিকেটাৰ বুলি গম পোৱা নাছিল

You might also like