অশ্বিন, মিতালীৰ নাম প্রেৰণৰ সিদ্ধান্ত বিচিচিআইৰ
নিয়মীয়া বাৰ্তা ১ জুলাইঃ ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনৰ লগতে মহিলা দলটোৰ তাৰকা খেলুৱৈ মিতালী ৰাজৰ নাম দেশৰ সর্বোচ্চ ক্রীড়া সন্মান খেলৰত্ন বঁটাৰ বাবে প্রেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইফালে, তাৰকা বাঁওহতীয়া বেটছমেন শিখৰ ধাৱন, কে এল ৰাহুল আৰু পেচ বলাৰ যশপ্রীত বুমৰাহৰ নাম অর্জুন বঁটাৰ বাবে প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছে ব’র্ডে৷
আনহাতে, নেচনেল ৰাইফল এছ’চিয়েচন অৱ ইণ্ডিয়া চমুকৈ এন আৰ এ আয়ে খেলৰত্ন বঁটাৰ বাবে ডাবল ট্রেপৰ বিশ্ব চেম্পিয়ন অংকুৰ মিট্টল আৰু অঞ্জুম মুদগিলৰ নাম প্রেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইফালে, সর্বভাৰতীয় ফুটবল ফেডাৰেচনে সন্মানীয় খেলৰত্ন বঁটাৰ বাবে ভাৰতীয় ফুটবল দলটোৰ অধিনায়ক সুনীল ছেত্রীৰ নাম প্রেৰণ কৰিছে৷ ভাৰতীয় মহিলা ফুটবল দলটোৰ ষ্ট্রাইকাৰ বালা দেৱীৰ নাম অর্জুন বঁটাৰ বাবে প্রেৰণ কৰিছে এ আই এফ এফে৷