টেষ্ট শৃংখলাৰ পৰা বাহিৰ মহম্মদ ছামি
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ এডিলেইডত অনুষ্ঠিত দিবা–নৈশ টেষ্টখনত নির্লজ্জ পৰাজয়বৰণ কৰা ভাৰতীয় দলটোৰ বাবে আন এক দুখবৰ৷ ঘৰুৱা দল অষ্ট্রেলিয়াৰে খেলি থকা চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ অন্তিম তিনিখন টেষ্টৰ পৰা বাদ পৰিল তাৰকা পেচবলাৰ মহম্মদ ছামি৷ সদ্যসমাপ্ত এডিলেইড টেষ্টখনৰ তৃতীয়দিনা বেটিং কৰি থকাৰ সময়ত পেট কামিনছৰ এক বাউন্সাৰত কিলাকুটিত আঘাত পাইছিল টীম ইণ্ডিয়াৰ পেচবলাৰগৰাকীয়ে৷ পৰৱর্তী সময়ত মহম্মদ ছামিয়ে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয়৷
ছামিয়ে অষ্ট্রেলিয়াৰ দ্বিতীয় ইনিংছত বলিং কৰাৰ পৰা বিৰত থাকে৷ পৰৱর্তী সময়ত ছামিৰ আঘাতৰ স্কেন পৰীক্ষা কৰা হয় আৰু আঘাত গুৰুতৰ হোৱাত তেওঁক বিশ্রামৰ নির্দেশ দিয়ে চিকিৎসকে৷ ইয়াৰ ফলত মহম্মদ ছামিয়ে কেংগেৰু বাহিনীৰে খেলিবলগীয়া পৰৱর্তী টেষ্টকেইখনত অংশগ্রহণ কৰিব নোৱাৰিব৷
মহম্মদ ছামিৰ অনুপস্থিতিত ভাৰতীয় দলটোত মহম্মদ চিৰাজে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে ছামিৰ স্থানত কোন খেলুৱৈক ভাৰতীয় দলটোক অন্তর্ভুক্ত কৰা হ’ব সেই সন্দর্ভত বিচিচিআয়ে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷