ক’ভিডত আক্রান্ত ব্রাজিলৰ ছুপাৰষ্টাৰ নেইমাৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ পেৰিছ ছেইণ্ট জার্মেইনৰ ব্রাজিলিয়ান তাৰকা নেইমাৰ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্তল হৈছে৷ ফ্রান্সৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি নেইমাৰৰ লগতে দলটোৰ আন দুগৰাকী তাৰকা এঞ্জেল ডি মাৰিয়া আৰু লিয়ানড্র’ পাৰাডেজৰো ক’ভিডৰ ফলাফল পজিটিভ পোৱা গৈছে৷
অৱশ্যে পি এছ জিৰ ফালৰ পৰা এতিয়ালৈকে খেলুৱৈসকলৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷ ক্লাবটোৱে এক বিবৃতিত উল্লেখ কৰিছে যে পেৰিছ ছেইণ্ট জার্মেইনৰ ৩গৰাকী খেলুৱৈ ক’ভিড–১৯ৰ চিকাৰ হৈছে আৰু তেওঁলোকক আইছ’লেচনত ৰখা হৈছে৷ অনাগত দিনত আন খেলুৱৈ আৰু প্রশিক্ষকসকলৰো ক’ভিড টেষ্ট সম্পন্ন হ’ব৷ জানিব পৰা অনুসৰি নেইমাৰে বুধবাৰে ক’ভিডৰ ফলাফল পজিটিভ বুলি গম পায়৷ ব্রাজিলিয়ান তাৰকাগৰাকী সম্প্রতি পেৰিছৰ বাসগৃহত ১৪ দিনৰ ছেল্ফ কোৱাৰেণ্টাইনত আছে৷ দলৰ এক সূত্রই সদৰী কৰা অনুসৰি অহা ১০ ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছিজনৰ প্রথমখন মেচত পি এছ জিৰ হৈ নেইমাৰে অংশ ল’ব নোৱাৰিব৷
উল্লেখ্য যে কিছুদিন পূর্বে মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ষ্ট্রাইকাৰ পল পগবাৰ শৰীৰতো ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল৷