নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ এপ্রিলত শ্রেয়াছ আয়াৰৰ কান্ধৰ অস্ত্রোপচাৰ

নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াত আঘাতৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াৰ মিডল অর্ডাৰ বেটছমেন শ্রেয়াছ আয়াৰৰ অহা ৮ এপ্রিলত কান্ধৰ অস্ত্রোপচাৰ সম্পন্ন হ’ব৷

ইয়াৰ পিছত তেওঁক অতি কমেও ৫ মাহৰ বিশ্রামৰ প্রয়োজন হ’ব৷ আঘাতৰ ফলত তাৰকা বেটছমেনগৰাকীয়ে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত দিল্লী কেপিটেলছক নেতৃত্ব দিব নোৱাৰিব৷

একেদৰে তেওঁ আগষ্টত ভাৰতৰ ইংলেণ্ড ভ্রমণৰ পৰাও আঁতৰি থাকিব লাগিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই  প্রকাশ কৰা অনুসৰি শ্রেয়াছে নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ছেপ্ঢেম্বৰত ঘৰৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি–২০ শৃংখলাতো খেলিব পৰাৰ সম্ভাৱনা নাই৷

বিগত বর্ষৰ ৰানার্ছআপ দিল্লী কেপিটেলছৰ বাবে শ্রেয়াছৰ অনুপস্থিতি মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷ তেওঁৰ অনুপস্থিতিত এইবাৰ দিল্লীক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে শিখৰ ধাৱন অথবা ঋষভ পণ্টৰ৷

You might also like