ষ্টেডিয়ামত ১০০ শতাংশ দর্শকৰ প্রৱেশত অনুমতি কেন্দ্রৰ
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ দেশৰ ক্রীড়াপ্রেমীয়ে শীঘ্রে ষ্টেডিয়ামত বহি নিজৰ পছন্দৰ ক্রীড়া তাৰকাসকলৰ খেল উপভোগ কৰিব পাৰিব৷ কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে আজি প্রকাশ কৰা সংশোধিত এছ অ’ পি অনুসৰি এতিয়াৰে পৰা আউটড’ৰ খেলৰ ক্ষেত্রত ষ্টেডিয়ামত ১০০ শতাংশ দর্শকৰ প্রৱেশত অনুমতি লাভ কৰিব৷
অৱশ্যে অনুৰাগীৰ সমাগমৰ ক্ষেত্রত কিছু নীতি–নির্দেশনা থাকিব আৰু উদ্যোক্তাই ষ্টেডিয়ামত দর্শকৰ প্রৱেশৰ সময়ত এই নীতি–নির্দেশনা পালন কৰিব লাগিব৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যোৱা মার্চ মাহৰে পৰা কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে দেশৰ ষ্টেডিয়ামসমূহত দর্শকৰ প্রৱেশ বন্ধ কৰি ৰাখিছে৷
শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ষ্টেডিয়ামসমূহৰ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ দর্শককক প্রৱেশৰ অনুমতি দিয়া হৈছিল৷ কিন্তু প্রকাশিত নতুন নির্দেশনা অনুসৰি এতিয়াৰে পৰা আউটড’ৰ খেলৰ ক্ষেত্রত ষ্টেডিয়ামত ১০০ শতাংশ দর্শকে প্রৱেশ কৰিব পাৰিব৷ কেন্দ্রৰ এই সিদ্ধান্তই বি চি চি আইক বিশেষভাৱে উপকৃত কৰিব৷ কিয়নো, বি চি চি আয়ে এতিয়া ১০০ শতাংশ দর্শকৰ উপস্থিতিত মার্চ–এপ্রিল মাহত আই পি এল আয়োজন কৰিব পাৰিব৷