পইণ্ট পদ্ধতিৰ সালসলনি আইচিচিৰ
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ আন্তর্জাতিক ক্রিকেট পৰিষদে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নিয়মৰ বৃহৎ সালসলনি ঘটাইছে৷ ২০২১ৰ পৰা ২০২৩ চনলৈকে চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণত পইণ্ট পদ্ধতিত সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণত টেষ্ট জয় কৰা দলে ১২ পইণ্ট, মেচ ড্র হ’লে ৪ পইণ্ট আৰু মেচ টাই হ’লে ৬ পইণ্ট লাভ কৰিব৷ আই চি চিয়ে আজি ডব্লিউ টি চিত পইণ্ট পদ্ধতিৰ সালসলনি ঘটাই কয় যে ডব্লিউ টি চিৰ প্রথম সংস্কৰণৰ পইণ্ট পদ্ধতিক লৈ সমালোচনা হৈছিল৷ সেইবাবে এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণত পইণ্ট পদ্ধতিৰ সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এতিয়াৰে পৰা দুখনীয়া টেষ্ট মেচৰ শৃংখলাত মুঠ ২৪ পইণ্ট আৰু পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাত মুঠ ৬০ পইণ্ট উপলব্ধ হ’ব৷ ৪ আগষ্টৰ পৰা টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাটোৰ যোগেদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণটো আৰম্ভ হ’ব৷ এইবাৰ প্রতিটো দলে ৬টা শৃংখলাত ভাগ ল’ব আৰু তিনিটা শৃংখলা বিদেশত অনুষ্ঠিত হোৱাৰ বিপৰীতে তিনিটা গৃহভূমিত খেলোৱা হ’ব৷