ৰাহানেৰ শতৰানেই মেচৰ টার্নিং পইণ্টঃ শাস্ত্রী
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ বিৰাট কোহলিৰ অনুপস্থিতিত বক্সিং ডে’ টেষ্টত অসাধাৰণ দক্ষতা আৰু সাহসেৰে টীম ইণ্ডিয়াক নেতৃত্ব দিয়া আজিংক্য ৰাহানেৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে প্রশিক্ষক ৰবি শাস্ত্রী৷ এডিলেইডত বিধ্বস্ত হোৱাৰ পিছত তীব্র চাপৰ সন্মুখীন হৈ মেলব’ন টেষ্টত অৱতীর্ণ হোৱা টীম ইণ্ডিয়াক সন্মুখৰ পৰা নেতৃত্ব দি ৰাহানেই এগৰাকী চতুৰ আৰু বুদ্ধিমান অধিনায়ক হিচাপে পৰিচয় দিয়া বুলি প্রশিক্ষক শাস্ত্রীয়ে উল্লেখ কৰিছে৷ ‘ৰাহানে অত্যন্ত বুদ্ধিমান আৰু চতুৰ অধিনায়ক৷ প্রতিটো সিদ্ধান্ত তেওঁ ঠাণ্ডা মগজুৰে গ্রহণ কৰে৷ খেলুৱৈসকলক প্রতিটো মুহূর্ততে তেওঁ উৎসাহিত কৰি ৰাখিব পাৰে৷ কোহলি ক্রিকেটৰ প্রতি অত্যন্ত আৱেগিক৷ কিন্তু ৰাহানে যথেষ্ট শান্ত আৰু ধীৰ–স্থিৰ স্বভাৱৰ৷ তেওঁৰ দৃঢ়তাপূর্ণ বেটিঙেই মেচখনৰ টার্নিং পইণ্ট আছিল৷’ প্রশিক্ষক শাস্ত্রীয়ে এইদৰে কয়৷
উল্লেখ্য যে বক্সিং ডে’ টেষ্টৰ প্রথম দিনা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতে ৬০ ৰানৰ ভিতৰত দুটা উইকেট হেৰুওৱাৰ সময়তে উইকেটলৈ আহিছিল অধিনায়ক ৰাহানে৷ তাৰ পিছত ধৈর্য আৰু সংযমৰ পৰিচয় দি তেওঁ একেৰাহে ছঘণ্টা বেটিং কৰি মেচৰ গতি সলনি কৰে৷ ইফালে, ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই দুর্দান্ত জয় সাব্যস্ত কৰাত সন্তুষ্টি প্রকাশ কৰিছে বিৰাট কোহলিয়ে৷ ৰাহানেৰ দৃঢ়তাপূর্ণ বেটিং আৰু চতুৰ নেতৃত্বক ভূয়সী প্রশংসা কৰি তাৰকাগৰাকীয়ে বক্সিং ডে’ টেষ্টত টীম ইণ্ডিয়াৰ এই জয়ক অসাধাৰণ আৰু স্মৰণীয় আখ্যা দিছে৷ কোহলিয়ে কয় যে অধিনায়ক ৰাহানেই সন্মুখৰ পৰা নেতৃত্ব দি টীম ইণ্ডিয়ালৈ অসম্ভৱ যেন লগা এক জয় সম্ভৱ কৰি তুলিলে