৮৭ বছৰৰ মূৰত বাতিল ঐতিহ্যমণ্ডিত ৰঞ্জি ট্রফী
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে ইতিমধ্যে যথেষ্ট সময় নষ্ট হোৱাৰ পৰিপ্রেক্ষিতত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দেশৰ ঐতিহ্যমণ্ডিত ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী বাতিল কৰিছে৷
১৯৩৪–৩৫ চনৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন বিগত ৮৭ বছৰ ধৰি একেৰাহে চলি আহিছিল যদিও ভাৰতীয় ক্রিকেট ইতিহাসত প্রথমবাৰৰ বাবে এইবাৰ ৰঞ্জি ট্রফী অনুষ্ঠিত নহ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সচিব জয় শ্বাহে ৰাজ্যিক ক্রিকেট সন্থাসমূহলৈ প্রেৰণ কৰা এক পত্রত এই কথা প্রকাশ পাইছে৷
চাৰিদিনীয়া ৰঞ্জি ট্রফী মেচৰ পৰিৱর্তে বি চি চি আয়ে এইবাৰৰ ক্রিকেট ছিজনত মাথোঁ বিজয় হাজাৰে এদিনীয়া ট্রফী, ছিনিয়ৰ মহিলাৰ এদিনীয়া ক্রিকেট আৰু ১৯ বছৰ অনূর্ধ্ব ভিনু মানকাড ট্রফী আয়োজন কৰিব৷ ‘আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে যথেষ্ট অনিশ্চয়তাৰ অন্তত অৱশেষত আমি চলিত ছিজনত বিজয় হাজাৰে ট্রফী, ছিনিয়ৰ মহিলা এদিনীয়া প্রতিযোগিতা আৰু ১৯ বছৰ অনূর্ধ্ব ভিনু মানকাড ট্রফী সমান্তৰালকৈ আয়োজনৰ বাবে সাজু হৈছোঁ৷ ৰাজ্যিক ক্রিকেট সন্থাসমূহৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত এইবাৰ ৰঞ্জি ট্রফী বাতিল কৰা হৈছে৷’ জয় শ্বাহে ৰাজ্যিক ক্রিকেট সন্থাসমূহলৈ প্রেৰণ কৰা পত্রত এইদৰে উল্লেখ কৰিছে৷
মন কৰিবলগীয়া যে যথেষ্ট বিলম্বকৈ চলিত মাহত অনুষ্ঠিত চৈয়দ মুস্তাক আলী টি–২০ প্রতিযোগিতাৰ সফল আয়োজনৰ পিছতে বি চি চি আয়ে বিজয় হাজাৰে ট্রফীকে ধৰি তিনিখন ঘৰুৱা প্রতিযোগিতা আয়োজনৰ সিদ্ধান্তত উপনীত হৈছে৷ এইপর্যন্ত ব’র্ডে বিজয় হাজাৰে ট্রফীৰ সূচী ঘোষণা কৰা নাই যদিও ফেব্রুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা এদিনীয়া ক্রিকেট প্রতিযোগিতাখন আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷ মার্চৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ প্রতি লক্ষ্য ৰাখি বিজয় হাজাৰে ট্রফীৰ মেচসমূহ ফেব্রুৱাৰীৰ ভিতৰতে সমাপ্ত কৰাৰ পৰিকল্পনা যুগুত কৰিছে বি চি চি আয়ে৷
ইফালে, ৰঞ্জি ট্রফী বাতিল হোৱাত ৰাজ্যৰ প্রথম শ্রেণীৰ ক্রিকেটাৰসকলক ক্ষতিপূৰণ দিয়াৰ কথাও বি চি চি আয়ে ঘোষণা কৰিছে৷ উল্লেখ্য যে প্রতিখন ৰঞ্জি মেচৰ পৰা এগৰাকী প্রথম শ্রেণীৰ ক্রিকেটাৰে প্রায় ডেৰ লাখ টকাৰ মেচ ফী লাভ কৰে৷