নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীর্থক সকীয়নি আৰ চি বিৰ অধিনায়ক কোহলিৰ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ ডুবাইত ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোৰ বাবে সতীর্থসকলৰ সৈতে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলি৷

কোহলিয়ে  সতীর্থৰ সৈতে বহু সময় ধৰি বেটিং অনুশীলন কৰে৷ বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনত এতিয়ালৈকে চেম্পিয়নৰ সোৱাদ লাভ কৰিবলৈ সক্ষম নোহোৱা বাংগালুৰুৱে এইবাৰ খিতাপ দখল কৰিব পাৰিব বুলি আত্মবিশ্বাসী দলটোৰ অধিনায়ক কোহলি৷ ক’ৰোনাৰ সংকটৰ মাজতে ডুবাইত আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ প্রাকমুহূর্তত সতীর্থসকলক সকীয়নি দি অধিনায়ক কোহলিয়ে কয় যে আমি ইয়াত আনন্দ কৰিবলৈ অহা নাই৷ ক্রিকেট খেলিবলৈহে আহিছোঁ৷

ক’ৰোনাৰ বাবে বান্ধি দিয়া সকলো নীতি–নিয়ম মানি চলিবলৈ সতীর্থসকলক আহ্বান জনাইছে অধিনায়কগৰাকীয়ে৷ বিনা দর্শকৰ উপস্থিতিত খেলিবলৈ প্রথমে অস্বস্তি লাগিলেও পিছলৈ সকলো ঠিক হৈ যাব বুলি উল্লেখ কৰি আৰ চি বিৰ অধিনায়কগৰাকীয়ে লগতে কয় যে ক’ৰোনাৰ নীতি–নিয়মৰ মাজত প্রতিযোগিতাখনত খেলিবলগীয়া দলকেইটা অসুবিধাৰ সন্মুখীন হ’ব৷

You might also like