নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীর্থৰ ফিটনেছক লৈ সন্তুষ্ট কোহলি

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ প্রায় পাঁচ মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি থাকিলেও ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ খেলুৱৈসকলৰ শাৰীৰিক সক্ষমতা অক্ষুণ্ণ আছে৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগা আই পি এলৰ বাবে দলটোৰ প্রতিগৰাকী খেলুৱৈ শাৰীৰিক–মানসিকভা সাজু হৈ উঠিছে৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিয়ে৷ ‘ফিটনেছৰ দিশৰ পৰা আমাৰ খেলুৱৈসকলক সম্পূর্ণ সক্রিয় আৰু উদ্যমী দেখিবলৈ পোৱা গৈছে৷ প্রথমটো অনুশীলন প্রক্রিয়াৰ পৰাই দলৰ প্রতিগৰাকী খেলুৱৈক সুস্থ দেখিছোঁ৷ আই পি এলৰ বাবে তেওঁলোকে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷

ইতিবাচক দৃষ্টিকোণেৰে প্রতিগৰাকী খেলুৱৈয়ে আই পি এলত উন্নত প্রদর্শনেৰে আৰ চি বিক প্রথমটো খিতাপ উপহাৰ দিয়াৰ লক্ষ্য লৈছে৷’ অধিনায়ক কোহলিয়ে এইদৰে কয়৷ মন কৰিবলগীয়া যে আই পি এলত এইপর্যন্ত এবাৰো খিতাপ জয় কৰিব নোৱাৰা ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে অহা ২১ ছেপ্টেম্বৰত ডুবাইত ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে এইবাৰৰ আই পি এলত অভিযান আৰম্ভ কৰিব৷

You might also like