নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলনত নামিল আৰচিবিৰ ডি ভিলিয়ার্ছ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ  ছয় দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইন শেষ কৰি কালি ডুবাইত অনুশীলনত নামে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ তাৰকা এবি ডি ভিলিয়ার্ছ৷ দক্ষিণ আফ্রিকাৰ ৩৬ বছৰীয়া বিস্ফোৰক বেটছমেনগৰাকীয়ে আৰ চি বিৰ সতীর্থৰ সৈতে প্রায় আধা ঘণ্টা নেটত বেটিং কৰে৷ তেওঁৰ সৈতে উমেশ যাদৱ, পার্থিৱ পেটেল আৰু গুৰকিৰট সিঙক দেখিবলৈ পোৱা যায়৷

ইয়াৰ পূর্বে অধিনায়ক বিৰাট কোহলি, ডেল ষ্টেইন, য়ুজবেন্দ্র ছাহাল, ৱাশ্বিংটন সুন্দৰ আৰু শ্বাহবাজ নদিমে আৰ চি বিৰ প্রথমটো ট্রেইনিং ছেছনত অংশ লৈছিল৷ অনুশীলনৰ অন্তত ডি ভিলিয়ার্ছে কালি কয় যে প্রায় পাঁচ মাহৰ মূৰত হাতত বেট, ভৰিত পেড পিন্ধি এক সুকীয়া অনুভৱ কৰিছে৷ দীর্ঘদিনৰ মূৰত নেটত বেটিং কৰি অত্যন্ত সুখী বুলি উল্লেখ কৰি তাৰকাগৰাকীয়ে পুনৰ কয় যে তেওঁ কেইবাটাও সুন্দৰ শ্বট খেলিব পাৰিছে আৰু ইয়াৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাইছে৷

You might also like