নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ত ৰোহিতৰে ইনিংছ মুকলি কৰা উচিত ৰাহুলেঃ লক্ষ্মণ

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ  ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো শুকুৰবাৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব৷ শৃংখলাটো আৰম্ভ হোৱাৰ পূর্বে ভাৰতীয় মূল একাদশ গঠনক লৈ মন্তব্য দাঙি ধৰিছে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটছমেন ভি ভি এছ লক্ষ্মণে৷ শৃংখলাটোত শিখৰ ধাৱনৰ পৰিৱর্তে লোকেশ ৰাহুলক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাটো বিচাৰিছে লক্ষ্মণে৷ টি–২০ শৃংখলাটো সন্দর্ভত লক্ষ্মণে কয় যে ধাৱনৰ পৰিৱর্তে ৰাহুলে ৰোহিত শর্মাৰে ইনিংছ মুকলি কৰাটো উচিত৷ কিয়নো, শেহতীয়াভাৱে ধাৱনতকৈ ৰাহুলে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ বিগত কেইটামান মাহ অ’পেনাৰ হিচাপে চমকপ্রদ প্রদর্শন দাঙি ধৰি আহিছে৷ গতিকে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোতো ৰাহুলক আকৌ এবাৰ অ’পেনাৰ হিচাপে টীম ইণ্ডিয়াই প্রক্ষেপ কৰা উচিত৷ উল্লেখ্য যে আগন্তুক টি–২০ শৃংখলাটোৰ পূর্বে টীম ইণ্ডিয়াৰ মূল একাদশ গঠনক লৈ একপ্রকাৰ সমস্যাত পৰিছে দলীয় মেনেজমেণ্ট৷ দলটোৰ মূল একাদশত স্থান লাভৰ বাবে ৰাহুল আৰু ধাৱনৰ মাজত যুঁজ চলাটো একপ্রকাৰ নিশ্চিত৷

You might also like