নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মল্লযুঁজত পৰাস্ত হৈ গীতা-ববিতাৰ ভগ্নী ৰীতিকা ফ’গাটৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ মল্লযুঁজত পৰাস্ত হোৱাৰ বাবে এগৰাকী উদীয়মান ৰেষ্টলাৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ ঘটনাই দেশৰ ক্রীড়া মহলত আজি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজস্থানৰ ভৰতপুৰত বুধবাৰে অনুষ্ঠিত এখন ৰেষ্টলিং প্রতিযোগিতাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে আত্মহত্যাৰ পথ বাছি লোৱা ১৭ বছৰীয়া মল্লযুঁজাৰুগৰাকী হ’ল দেশৰ আগশাৰীৰ মল্লযুঁজাৰু ববিতা ফ’গাট আৰু গীতা ফ’গাটৰ সম্পর্কীয় ভগ্নী ৰীতিকা ফ’গাট৷

জানিব পৰা অনুসৰি ৰীতিকাই ৰাজ্যিক পর্যায়ৰ ছাব জুনিয়ৰ, জুনিয়ৰ মহিলা আৰু পুৰুষ ৰেষ্টলিং প্রতিযোগিতা এখনৰ ফাইনেলত সন্মুখীন হোৱা পৰাজয়ৰ বেদনা সহ্য কৰিব নোৱাৰি আত্মহননৰ দৰে কঠিন সিদ্ধান্ত গ্রহণ কৰে৷

মহাবীৰ ফ’গাট স্প’টছ একাডেমীত তেওঁ দ্রোণাচার্য বঁটা বিজয়ী প্রখ্যাত প্রশিক্ষক মহাবীৰ সিং ফ’গাটৰ তত্ত্বাৱধানত প্রশিক্ষণ গ্রহণ কৰি আছিল৷

উল্লেখ্য, ৰীতিকাৰ সম্পর্কীয় ভগ্ণী গীতা আৰু ববিতা ফ’গাটে ২০১০ৰ কমনৱেলথ গেমছত স্বর্ণ আৰু ৰূপৰ পদক অর্জন কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছিল৷ কমনৱেলথ গেমছত স্বর্ণপদক জয় কৰা দেশৰ প্রথমগৰাকী মহিলা মল্লযুঁজাৰু গীতাই ২০১২ৰ লণ্ডন অলিম্পিকতো দেশক প্রতিনিধিত্ব কৰিছিল৷

You might also like