ব’ৰ্ডৰ প্রস্তাৱ অস্বীকাৰ কৰাত ৰোহিত শর্মাক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: টীম ইণ্ডিয়াৰ এদিনীয়া দলৰ নেতৃত্ব এৰিবলৈ বিৰাট কোহলিক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ কিন্তু তাৰকাগৰাকীয়ে বিচিচিআইৰ এই প্রস্তাৱ মানি ল’বলৈ অস্বীকাৰ কৰাত নির্বাচক মণ্ডলীয়ে তাৰকা অ’পেনাৰ ৰোহিত শর্মাক ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰে৷ কোহলিৰ নেতৃত্বত ভাৰতে এটাও আই চি চি খিতাপ জয় কৰিব নোৱাৰাৰ প্রতি লক্ষ্য ৰাখি নির্বাচক মণ্ডলীয়ে তেওঁৰ স্থানত ৰোহিতক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব অর্পণৰ সিদ্ধান্ত লয়৷
উল্লেখ্য যে বিগত আই চি চি টি–২০ বিশ্বকাপৰ পিছতে কোহলিয়ে স্বইচ্ছাই ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিছিল৷ তেওঁৰ স্থানত বিচিচিআয়ে ৰোহিতক টি–২০ দলৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰিছিল৷ ইয়াৰ পিছৰে পৰা ভাৰতীয় ক্রিকেট মহলত চর্চা আৰম্ভ হৈছিল যে ৰোহিতক ব’র্ডে টি–২০ৰ লগতে এদিনীয়া দলৰো অধিনায়ক নিযুক্ত কৰিব৷ অৱশ্যে তাৰকা বেটছমেন কোহলিয়ে স্বইচ্ছাই এদিনীয়া দলৰ নেতৃত্ব ত্যগ নকৰাত বিচিচিআই অস্বস্তিৰ সন্মুখীন হয়৷ অৱশেষত ব’র্ডে কোহলিক নেতৃত্ব ত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময় বান্ধি দিয়ে বুলি ব’ৰ্ডৰ এক সূত্রই জানিবলৈ দিছে৷
মন কৰিবলগীয়া যে ভাৰতৰ অন্যতম সফল অধিনায়ক মহেন্দ্র সিং ধোনীৰ অৱসৰৰ পিছৰে পৰা কোহলিয়ে ভাৰতীয় টেষ্ট, এদিনীয়া আৰু টি–২০ দলৰ নেতৃত্বৰ দায়িত্ব পালন কৰি আছিল৷ কিন্তু বিগত সময়ছোৱাত আই চি চি ইভেণ্টত কোহলিৰ নেতৃত্বত টীম ইণ্ডিয়াই কোনো খিতাপ জয় কৰিব নোৱাৰাত বিচিচিআয়ে বিকল্প চিন্তা কৰিবলৈ আৰম্ভ কৰে৷ শেহতীয়াকৈ ব’র্ডে টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে একালৰ মহান বেটছমেন ৰাহুল দ্রাবিড়ক নিযুক্ত কৰি দলটোক নতুন ৰূপত গঢ় দিয়াৰ প্রয়াস চলাইছে৷ ৰোহিতৰ নেতৃত্বত ভাৰতে আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণত তিনিখন এদিনীয়া মেচ খেলিব৷
মন কৰিবলগীয়া যে অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ দৰে বিশ্বৰ আগশাৰীৰ দলেও টেষ্ট আৰু সীমিত অভাৰ ক্রিকেটত পৃথক অধিনায়ক নিযুক্ত কৰি সফলতাৰ মুখ দেখিছে৷ ২০২৩ৰ এদিনীয়া বিশ্বকাপ পর্যন্ত ৰোহিতে টীম ইণ্ডিয়াক নেতৃত্ব দিব৷