নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰোহিত শর্মা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ দক্ষিণ আফ্রিকা ভ্রমণৰ পূর্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ অনুশীলনৰ সময়ত হাতত আঘাতপ্রাপ্ত হৈ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ তথা নৱনিযুক্ত সহঃ অধিনায়ক ৰোহিত শর্মা৷ দেওবাৰে মুম্বাইত অনুশীলন চলাই থকাৰ সময়ত ৰোহিতে হাতৰ আঙুলিত আঘাতৰ সন্মুখীন হোৱা বুলি বি চি চি আয়ে সদৰী কৰিছে৷

‘অনুশীলনৰ সময়ত ৰোহিতে আঙুলিত আঘাত পায়৷ অৱশ্যে তেওঁৰ এই আঘাত গুৰুতৰ নহয় আৰু বেটছমেনগৰাকীয়ে আঘাতৰ পিছতো বেটিং কৰিব পাৰিছে৷ কিন্তু ইয়াৰ পিছতে তেওঁ হেমষ্ট্রিঙৰ সমস্যাত ভোগে৷ পূর্বেও তেওঁ হেমষ্ট্রিঙৰ আঘাতত ভুগিছিল৷ সাধাৰণতে এই আঘাতৰ পৰা মুক্ত হ’বলৈ চাৰি সপ্তাহৰ প্রয়োজন হয়৷ সেয়ে ৰোহিতে টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰিব৷’ ব’ডৰ এক সূত্রই এইদৰে কয়৷

ইফালে, আঘাতপ্রাপ্ত ৰোহিতৰ স্থানত ভাৰতীয় টেষ্ট দলত অন্তর্ভুক্ত কৰা হৈছে গুজৰাটৰ প্রতিভাৱান বেটছমেন প্রিয়ংক পাঞ্চালক৷ ১০০খন প্রথম শ্রেণীৰ মেচ খেলি ২৪টা শতকসহ ৭০১১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা পাঞ্চালে শেহতীয়াকৈ ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে দক্ষিণ আফ্রিকা ভ্রমণ কৰিছিল৷ ভাৰতীয় এ দলৰ হৈ তেওঁ দীর্ঘদিন ধৰি উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ পার্থিৱ পেটেলৰ নেতৃত্বত গুজৰাটে ৰঞ্জি ট্রফীত খিতাপ জয়ৰ সময়তো পাঞ্চালে মুখ্য ভূমিকা গ্রহণ কৰিছিল৷

You might also like