নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতক দিয়ক এদিনীয়া, টি–২০ৰ অধিনায়ক

প্রাক্তন ক্রিকেটাৰদ্বয় সেৱাগ, গম্ভীৰৰ দাবীঃ মাইকেল ভনেও বিচাৰিছে ‘হিটমেন’ক

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত সদ্যসমাপ্ত আই পি এলৰ ত্রয়োদশ সংস্কৰণত চেম্পিয়নৰ সন্মান অর্জন কৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক টীম ইণ্ডিয়াৰ এদিনীয়া আৰু টি–২০ দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া উচিত৷ এই দাবী উত্থাপন কৰিছে ভাৰতীয় ক্রিকেট দলটোৰে প্রাক্তন খেলুৱৈ বীৰেন্দ্র সেৱাগৰ লগতে গৌতম গম্ভীৰে৷ ক্রিক ইনফ’ৰে হোৱা এক বার্তালাপত গৌতম গম্ভীৰে কয় যে যদি ৰোহিত শর্মাক ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া নহয়, তেতিয়াহ’লে দলটোৰ অধিক ক্ষতি হ’ব৷ ৰোহিতৰ নেতৃত্বতে মুম্বাই ইণ্ডিয়ানছে পাঁচবাৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ গতিকে তাৰকা বেটছমেনগৰাকীক ভাৰতীয় দলটোৰ এদিনীয়া আৰু টি–২০ৰো অধিনায়কৰ দায়িত্ব দিয়া উচিত৷ ইফালে, প্রাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্র সেৱাগে সদ্যসমাপ্ত আই পি এলত চেম্পিয়নৰ সন্মান অর্জন কৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক অভিনন্দন জনাইছে৷ ৰোহিতৰ অধিনায়কত্বক প্রশংসা কৰি সেৱাগে কয় যে ক্রিকেটৰ হ্রস্ব সংস্কৰণত ৰোহিতেই শ্রেষ্ঠ অধিনায়ক৷ গতিকে ৰোহিত শর্মাৰ ওপৰত ভাৰতীয় এদিনীয়া আৰু টি–২০ দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা উচিত৷ আনহাতে, ইংলেণ্ডৰ প্রাক্তন অধিনায়ক মাইকেল ভনেও ৰোহিত শর্মাৰ অধিনায়কত্বক প্রশংসা কৰি কয় যে টীম ইণ্ডিয়াৰ এদিনীয়া আৰু টি–২০ৰ দলটোৰ অধিনায়কৰ দায়িত্ব ব’র্ডে ৰোহিতৰ ওপৰত অর্পণ কৰা উচিত৷

You might also like