সুস্থ হৈ উঠিছে সৌৰভ গাংগুলী
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চলিত মাহত দ্বিতীয়বাৰৰ বাবে হূদৰোগত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হোৱা সৌৰভ গাংগুলী ক্রমাৎ সুস্থ হৈ উঠিছে৷ চিকিৎসকে আজি প্রকাশ কৰা অনুসৰি বি চি চি আইৰ মুৰব্বী তথা ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীৰ শৰীৰত নতুনকৈ কোনো জটিলতাৰ সৃষ্টি হোৱা নাই৷ বৰং পূর্বতকৈ তেওঁ অনেক সুস্থ অনুভৱ কৰিছে৷ সকলো ঠিকে ঠাকে থাকিলে শনি অথবা দেওবাৰে গাংগুলীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব৷
উল্লেখ্য যে বৃহস্পতিবাৰে প্রাক্তন ক্রিকেটাৰগৰাকীৰ হূদযন্ত্রত পুনৰ দুটা ষ্টেণ্ট সংস্থাপন কৰা হয়৷ সফলতাৰে এই প্রক্রিয়া সম্পন্ন হোৱাৰ পিছত গাংগুলীক আজি আই চি ইউৰ পৰা ব্যক্তিগত কোঠালৈ স্থানান্তৰিত কৰা হৈছে৷ আজি সম্পন্ন হোৱা তেওঁৰ ই চি জি আৰু অন্যান্য পৰীক্ষাসমূহতো কোনো নতুন সমস্যা ধৰা পৰা নাই৷
মন কৰিবলগীয়া যে ২ জানুৱাৰীত প্রথমবাৰৰ বাবে বুকুৰ বিষ অনুভৱ কৰা গাংগুলীয়ে যোৱা বুধবাৰে দ্বিতীয়বাৰৰ বাবে বুকুৰ বিষ অনুভৱ কৰি চিকিৎসাধীন হ’বলগীয়া হৈছিল৷