নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিডনীত পুনৰ সালসলনিৰে নামিব ভাৰত

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ মেলব’ৰ্ণ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত ঐতিহাসিক বক্সিং ডে’ টেষ্টত চমকপ্রদ জয় সাব্যস্ত কৰিলেও টীম ইণ্ডিয়াই তৃতীয় টেষ্টত ব্যাপক সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ আঘাতৰ বাবে দ্বিতীয় টেষ্টত আধাতে খেলপথাৰ ত্যাগ কৰা তাৰকা বেগী বলাৰ উমেশ যাদৱে তৃতীয় টেষ্টত অংশ ল’ব নোৱৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ তেওঁৰ স্থানত টেষ্ট অভিষেক ঘটাবলৈ সাজু হৈছে তামিলনাডুৰ নৱাগত চাঞ্চল্য টি নটৰাজন৷ বিগত আই পি এলত দুর্দান্ত বলিঙেৰে ক্রিকেট মহলৰ দৃষ্টি আকর্ষণ কৰা বাঁওহতীয়া বেগী বলাৰগৰাকীক ছিডনীত টেষ্ট অভিষেকৰ বাবে সাজু হ’বলৈ দলীয় মেনেজমেণ্টে ইতিমধ্যে নির্দেশ দিয়া বুলি ব’ৰ্ডৰ এক সূত্রই আজি জানিবলৈ দিছে৷ ‘মহম্মদ ছামি আৰু উমেশ যাদৱৰ আঘাতৰ পিছত দলৰ ৰিজার্ভ বেঞ্চত এতিয়া বেগী বলাৰ হিচাপে আছে শার্দূল ঠাকুৰ, নৱদীপ ছাইনী আৰু টি নটৰাজন৷ মেলব’ন টেষ্টত উমেশ যাদৱ আঘাতপ্রাপ্ত হোৱাৰ পিছত নটৰাজনৰ অভিষেকৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ তেওঁ অনভিজ্ঞ যদিও বাঁওহতীয়া বেগী বলাৰ হিচাপে নটৰাজনে ভাৰতীয় বেগী বলিং আক্রমণলৈ ভিন্নতা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷ সেয়ে তেওঁক দলীয় মেনেজমেণ্টে সুযোগ দিব বিচাৰিছে৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ মন কৰিবলগীয়া যে ভাৰতীয় শিবিৰত থকা এগৰাকী প্রতিভাৱান বেগী বলাৰ মহম্মদ চিৰাজে ইতিমধ্যে বক্সিং ডে’ টেষ্টত অভিষেক ঘটাই পাঁচটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ ইফালে, ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টত অ’পেনাৰ মায়ংক আগৰৱাল আৰু মিডল অর্ডাৰ বেটছমেন হনুমা বিহাৰী বাদ পৰাৰ সম্ভাৱনা আছে৷ তেওঁলোকৰ স্থানত ৰোহিত শর্মা আৰু লোকেশ ৰাহুলে টেষ্ট দললৈ প্রত্যাৱর্তন ঘটাবলৈ সাজু হৈছে৷ ৰোহিতে শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰিব৷ একেদৰে ৰাহুলে বিহাৰীৰ স্থানত মিডল অর্ডাৰত বেটিং কৰাৰ সম্ভাৱনা আছে বুলি বি চি চি আইৰ এক সূত্রই সদৰী কৰিছে৷

You might also like