টি–২০ বিশ্বকাপত ভাৰতৰ অংশগ্রহণ সন্দর্ভত সিদ্ধান্ত ল’ব চৰকাৰে
সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ কর্মচাৰীক নির্দেশ বিচিচিআইৰ
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অষ্ট্রেলিয়াত অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ আয়োজনক লৈ এতিয়াও ক’লীয়া ডাৱৰ আঁতৰা নাই৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷
শেহতীয়াভাৱে অষ্ট্রেলিয়া চৰকাৰে টি–২০ বিশ্বকাপখন আয়োজন কৰাৰ সকলো প্রচেষ্টা হাতত লোৱাৰ সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে প্রতিযোগিতাখনত টীম ইণ্ডিয়াৰ অংশগ্রহণ সন্দর্ভত এক বিশেষ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ অষ্ট্রেলিয়াতো ক’ৰোনাৰ আতংক অব্যাহত থকাত বিশ্বকাপখনত ভাৰতীয় দলটোৰ অংশগ্রহণ সন্দর্ভত ভাৰত চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল’ব বুলি আজি সদৰী কৰে বিচিচিআয়ে৷
ভাৰত চৰকাৰৰ সেউজ সংকেত লাভ কৰিলেহে টীম ইণ্ডিয়াই আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰিব বুলি উল্লেখ কৰি বিচিচিআইৰ এগৰাকী আগশাৰীৰ বিষয়ববীয়াই কয় যে বিশ্বকাপখনত ভাৰতীয় দলটোৱে অংশগ্রহণ কৰিব বিচাৰে, কিন্তু এই সন্দর্ভত ভাৰত চৰকাৰ আৰু স্বাস্থ্য মন্ত্রালয়ে সিদ্ধান্ত গ্রহণ কৰিব৷ খেলুৱৈসকলৰ স্বাস্থ্য আৰু জীৱনক সুৰক্ষা দিয়াটো প্রধান কাম বুলি বিচিচিআয়ে সদৰী কৰে৷
ইফালে, মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বিচিচিআইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰাৰ বাবে বিচিচিআয়ে বিভিন্ন চিন্তা–চর্চা চলাই আছে৷ প্রয়োজন সাপেক্ষে আইপিএলখন দর্শকবিহীন ষ্টেডিয়ামত আয়োজন কৰিব বুলি ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে দুদিন পূর্বে উল্লেখ কৰাৰ পিছত আজি বিচিচিআয়ে কর্মচাৰীসকলক সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷ কোনো কর্মচাৰীয়ে ব’ৰ্ডৰ নিয়ম উলংঘা কৰিলে শাস্তি বিহিব বুলিও উল্লেখ কৰি বিচিচিআইৰ সচিব জয় শ্বাহে কয় যে মুম্বাই আৰু বাংগালুৰুত অৱস্থিত বিচিচিআইৰ কার্যালয়ত কাম কৰি থকা প্রায় ১০০০ কর্মচাৰীলৈ ইতিমধ্যে এই সন্দর্ভত ই–মেইল প্রেৰণ কৰা হৈছে৷
যদি কোনো কর্মচাৰীয়ে সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰিব বিচাৰে, তেতিয়াহ’লে ব’ৰ্ডৰ অনুমতি ল’ব লাগিব৷ যদি কোনো কর্মচাৰীয়ে ব’ৰ্ডৰ এই নির্দেশ অমান্য কৰে, তেতিয়াহ’লে তেওঁলোকৰ মাহিলি পাৰিশ্রমিক কর্তন কৰাৰ লগতে কর্তব্যৰ পৰাও অব্যাহতি দিয়া হ’ব পাৰে৷