অক্টোবৰত টি–২০ বিশ্বকাপ অসম্ভৱঃ ব’ৰ্ড
নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্রখন স্থবিৰ কৰি তোলাৰ সময়ত অহা অক্টোবৰত অষ্ট্রেলিয়াত টি–২০ বিশ্বকাপ অনুষ্ঠিত হোৱাটো একপ্রকাৰ অবাস্তৱ কথা ৷ বিশ্ব সম্পূর্ণৰূপে ক’ৰোনামুক্ত নোহোৱা পর্যন্ত টি–২০ বিশ্বকাপৰ দৰে মেগা ইভেণ্ট এখন আয়োজন কৰাটো অত্যন্ত কঠিন হ’ব ৷ এই আশংকা ব্যক্ত কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এগৰাকী শীর্ষ বিষয়াই ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত ব’ডৰ বিষয়াগৰাকীয়ে কয় যে আই চি চিয়ে অক্টোবৰৰ টি–২০ বিশ্বকাপ সন্দর্ভত এতিয়াও স্পষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই যদিও সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মেগা ইভেণ্টখনৰ কল্পনা কৰাটো একপ্রকাৰ অবাস্তৱ কথা ৷ বিশেষকৈ মাত্র পাঁচ বা ছয় মাহৰ ভিতৰত বিশ্বৰ সকলো দেশত ভ্রমণ নিষেধাজ্ঞা আঁতৰ হ’ব বুলি আশা কৰিব নোৱাৰি ৷
তদুপৰি খেলুৱৈ আৰু অনুৰাগীৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিল আৰু অষ্ট্রেলিয়া ক্রিকেট ব’র্ডে বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলিও বি চি চি আইৰ সূত্রটোৱে উল্লেখ কৰে৷ ‘অষ্ট্রেলিয়া চৰকাৰে ইতিমধ্যে ৩০ ছেপ্ঢেম্বৰলৈ ভ্রমণ নিষেধাজ্ঞা জাৰি কৰিছে৷ তেতিয়ালৈকে কোনো বিদেশী নাগৰিকে অষ্ট্রেলিয়াত প্রৱেশ কৰিব নোৱাৰে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ উদ্দেশ্যে অষ্ট্রেলিয়াই এই নিষেধাজ্ঞা পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত টি–২০ বিশ্বকাপ সময় মতে আয়োজন হয়তো সম্ভৱ নহ’ব৷ অৱশ্যে অষ্ট্রেলিয়া চৰকাৰে ভ্রমণ নিষেধাজ্ঞা প্রত্যাহাৰৰ ৰিস্ক ল’লে বিষয়টো সুকীয়া হ’ব৷’– ব’ডৰ বিষয়াগৰাকীয়ে এইদৰে কয়৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত আই চি চি আৰু ক্রিকেট অষ্ট্রেলিয়াই দর্শকশূন্য ষ্টেডিয়ামত হ’লেও টি–২০ বিশ্বকাপ সময় মতে আয়োজনৰ চিন্তাচর্চা কৰা বুলি বাতৰি প্রকাশ পাইছিল ৷