নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডলৈ স্থানান্তৰ হ’ব বিশ্বকাপ টি–২০

আই চি চিৰ সেউজ সংকেতলৈ অপেক্ষা কিৱি ক্রীড়ামন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ অষ্ট্রেলিয়াই আয়োজন কৰিব নোৱাৰে বুলি সদৰী কৰাৰ পিছতে মেগা ইভেণ্টখন নিউজিলেণ্ডলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা প্রকাশ পাইছে৷

এইক্ষেত্রত নিউজিলেণ্ডৰ ক্রীড়ামন্ত্রী গ্রেণ্ট ৰবার্টছনে আজি কয় যে টি–২০ বিশ্বকাপৰ দৰে মেগা ইভেণ্ট এখন আয়োজন কৰিবলৈ তেওঁলোক যথেষ্ট আগ্রহী৷ এই মুহূর্তত নিউজিলেণ্ড চৰকাৰে আই চি চিৰ সেউজ সংকেতলৈ অপেক্ষা কৰিছে৷ ‘এই সিদ্ধান্ত সম্পূর্ণৰূপে আই চি চিৰ নিয়ন্ত্রণাধীন৷ আমি আশা কৰিছোঁ যে অষ্ট্রেলিয়াই সফলতাৰে টি–২০ বিশ্বকাপ আয়োজন কৰিব পাৰিব৷ ইতিমধ্যে দেশখনে চলিত বর্ষৰ আৰম্ভণিতে মহিলা বিশ্বকাপ সফলতাৰে আয়োজন কৰিবলৈ সক্ষম হৈছে৷

এইবাৰো তেওঁলোক সফল হ’ব বুলি আমি আশাবাদী যদিও যিকোনো জৰুৰী পৰিস্থিতিত আমি প্রতিযোগিতাখন আয়োজন কৰিবলৈ আগ্রহী৷ ইতিমধ্যে নিউজিলেণ্ডে অহা বর্ষত আই চি চি মহিলা ক্রিকেট বিশ্বকাপ আয়োজন কৰিবলৈ প্রস্তুতি চলাই আছে৷’ দেশখনৰ ক্রীড়ামন্ত্রী ৰবার্টছনে এইদৰে কয়৷ মন কৰিবলগীয়া যে বিশ্বৰ অধিকাংশ দেশত মহামাৰীৰ প্রকোপ হ্রাস পোৱা নাই যদিও নিউজিলেণ্ডে এইক্ষেত্রত যথেষ্ট সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ প্রায় এপষেক পূর্বে নিউজিলেণ্ডৰ প্রধানমন্ত্রীয়ে দেশখনক ক’ৰোনামুক্ত ঘোষণা কৰিছে৷ অৱশ্যে বিদেশী নাগৰিকৰ বাবে এতিয়াও দেশখনৰ সীমান্ত বন্ধ হৈ আছে৷

কিন্তু অক্টোবৰ–নৱেম্বৰলৈ এই সীমাবদ্ধতা আঁতৰিব বুলি আশা কৰা হৈছে৷ শেহতীয়াকৈ দেশখনত দর্শকৰ উপস্থিতিত ছুপাৰ ৰাগ্বি লীগ আয়োজনৰো অনুমতি দিয়া হৈছে৷ এনে পৰিস্থিতিত টি–২০ বিশ্বকাপ আয়োজনৰ ক্ষেত্রত নিউজিলেণ্ড সবাতোকৈ নিৰাপদ স্থান হ’ব বুলি অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ ডীন জ’নছে কিছুদিন পূর্বে মত পোষণ কৰিছিল৷

ইফালে, ক্রিকেট অষ্ট্রেলিয়াৰ অধ্যক্ষ আর্ল ইডিংছে আজি কয় যে চলিত বর্ষৰ ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপ আয়োজন কৰাটো তেওঁলোকৰ বাবে একপ্রকাৰ অসম্ভৱ৷ মন কৰিবলগীয়া যে মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ক্রিকেট অষ্ট্রেলিয়াই মেগা ইভেণ্টখন আয়োজনৰ ক্ষেত্রত বাৰম্বাৰ অপাৰগতা প্রকাশ কৰি আহিছে যদিও আই চি চিয়ে এতিয়াও আশা কৰা নাই৷ জুলাই মাহত এই সন্দর্ভত বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি যোৱা সপ্তাহত ঘোষণা কৰিছে৷

You might also like