নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত টীম ইণ্ডিয়াৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ টেষ্ট শৃংখলাত দুর্দান্ত জয় সাব্যস্ত কৰা টীম ইণ্ডিয়াই টি–২০ শৃংখলাৰ প্রথমখন মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত প্রথম টি–২০ত ইংলেণ্ডে ভাৰতক আঠ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ মাত্র ১২৫ ৰানৰ লক্ষ্যৰ পিছ লৈ ইংলেণ্ডে ২৭টা বল বাকী থকা অৱস্থাত দুটা উইকেট হেৰুৱাই জয় সাব্যস্ত কৰে৷ অ’পেনাৰ জেছন ৰয়ে সর্বাধিক ৪৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ তেওঁ ৩২ বলৰ সন্মুখীন হৈ চাৰিটা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰী কোবায়৷ জ’ছ বাটলাৰে ২৪টা বলত দুটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ২৮ ৰান কৰি আউট হয়৷ ডেৱিদ মালানে ২০ বলত দুটা বাউণ্ডেৰী এটা অভাৰ বাউণ্ডেৰীৰে ২৪ ৰানত অপৰাজিত হৈ ৰয়৷ একেদৰে জ’নী বিয়েৰষ্ট’ই ১৭টা বল খেলি এটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰ কোবাই ২৬ ৰান সংগ্রহ কৰে৷ এই জয়েৰে ইংলেণ্ডে পাঁচখন মেচৰ শৃংখলাটোত ১–০ৰ অগ্রগতি অর্জন কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পূর্বে ইংলেণ্ডৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ভাৰতে আৰম্ভণিৰে পৰা বিপর্যয়ৰ সন্মুখীন হয়৷ দলটোৱে মাত্র ২০ ৰানৰ ভিতৰতে অ’পেনাৰ লোকেশ ৰাহুল, শিখৰ ধাৱন আৰু অধিনায়ক বিৰাট কোহলিৰ উইকেট হেৰুৱায়৷ ৰাহুলে ১, কোহলিয়ে ০, ধাৱনে ৪ ৰানত আউট হোৱাত ভাৰত চৰম বিপর্যয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত ঋষভ পণ্ট আৰু শ্রেয়াছ আয়াৰে ভাৰতীয় ইনিংছ গঢ়াৰ দায়িত্ব লয়৷ তাৰকা মিডল অর্ডাৰ বেটছমেন আয়াৰে দর্শনীয় বেটিঙেৰে ঘৰুৱা দলটোৰ ইনিংছ আগুৱাই নিয়ে যদিও পণ্ট ব্যক্তিগত ২১ ৰানত পেভিলিয়নমুখী হয়৷ তেওঁ ২৩টা বলত দুটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবায়৷ কিছু সময় পিছত হার্দিক পাণ্ডিয়াকো পেভিলিয়নৰ বাট দেখুৱায় ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰে৷ পাণ্ডিয়াই ২১ বলত এটা বাউণ্ডেৰী আৰু এটা ছিক্সাৰৰ সহায়ত ১৯ ৰান কৰে৷ আয়াৰে মাত্র ৪৮ বলৰ সন্মুখীন হৈ আঠটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৬৭ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ ছার্দুল ঠাকুৰ প্রথমটো বলতে আউট হয়৷ ৱাশ্বিংটন সুন্দৰে ৩ আৰু অক্ষৰ পেটেল সাত ৰানত অপৰাজিত হৈ ৰয়৷ ভাৰতৰ এই বিপর্যয়ৰ মূলতেই আছিল ইংলেণ্ডৰ নিয়ন্ত্রিত বলিং৷ জ’ফ্রা আর্চাৰে মাত্র ২৩ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্রথম আৰু দ্বিতীয় টি–২০ৰ পৰা ৰোহিত শর্মাক বিশ্রাম দিয়া বুলি কোহলিয়ে আজি প্রকাশ কৰে৷

You might also like