নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে চেন্নাইত খেলি থকা দ্বিতীয়খন টেষ্টত জয়ৰ দিশে অগ্রসৰ হৈছে ঘৰুৱা দল টীম ইণ্ডিয়া৷ হাতত সম্পূর্ণ দুটা দিন থকা অৱস্থাত টেষ্টখনত জয়ৰ বাবে টীম ইণ্ডিয়াক প্রয়োজন মাথোঁ সাতটা উইকেটৰ৷ বিৰাট কোহলি বাহিনীয়ে টেষ্টখনত জয়ৰ বাবে বান্ধি দিয়া পাহাৰসম ৪৮৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বিপর্যয়ত পৰিছে ইংৰাজ বাহিনী৷ তৃতীয় দিনৰ খেলৰ অন্তলৈকে ইংলেণ্ডে দ্বিতীয় ইনিংছত তিনিটা উইকেট হেৰুৱাই মাত্র ৫৩ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দিনান্তত ডান লৰেন্সে ১৯ আৰু অধিনায়ক জ’ ৰুটে ২ ৰান কৰি ক্রিজত আছে৷ অ’পেনাৰ ৰ’ৰি বার্নছে ২৫, ডম ছিবলেই ৩ আৰু জেক লিচে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ ভাৰতীয় দলটোৰ হৈ অক্ষৰ পেটেলে দুটা আৰু অশ্বিনে এটা উইকেট লাভ কৰে৷ টেষ্টখনত পৰাজয় ৰোধৰ বাবে হাতত সাতটা উইকেট থকা অৱস্থাত ইংলেণ্ডক এতিয়াও ৪২৯ ৰানৰ প্রয়োজন৷

ইপিনে, প্রথম ইনিংছত ১৯৫ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰা টীম ইণ্ডিয়াই দ্বিতীয় দিনা এক উইকেটত কৰা ৫৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি আজি বিপর্যয়ত পৰে৷ আগদিনা ২৫ ৰান কৰি থকা ৰোহিত শর্মাই আজি মাত্র এক ৰান কৰি বিদায় লয়৷ ইফালে, আগদিনা সাত ৰানত অপৰাজিত হৈ থকা পূজাৰাই কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ ৰোহিত আৰু পূজাৰাই বিদায় লোৱাৰ পিছতে ঋষভ পণ্ট (৮), আজিংক্য ৰাহানে (১০) আৰু অক্ষৰ পেটেলে (৭) বিদায় লোৱাত ভাৰত শ’লঠেকত পৰে৷ এটা সময়ত ভাৰতে ৬টা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্রহ কৰি বিপদত পৰিছিল যদিও অধিনায়ক কোহলি আৰু অশ্বিনে সপ্তম উইকেটৰ যুটিত ৯৬ ৰান সংগ্রহ কৰি দলটোক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰে৷

কোহলিয়ে ৬২ ৰান কৰি বিদায় লয় যদিও অশ্বিনে  দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰি টেষ্ট কেৰিয়াৰত পঞ্চমটো শতক অর্জন কৰি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা লয়৷ অশ্বিনে ১৪৮টা বলত ১৪টা চাৰি আৰু এটা ছয়েৰে ১০৬ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ টীম ইণ্ডিয়াই ৮৫.৫ অ’ভাৰত ২৮৬ ৰান কৰি দ্বিতীয় ইনিংছ সামৰে৷ ইংলেণ্ডৰ হৈ জেক লিচ আৰু মঈন আলী উভয়ে চাৰিটাকৈ উইকেট লয়৷ উল্লেখ্য যে টীম ইণ্ডিয়াই প্রথম ইনিংছত ৩২৯ ৰান কৰাৰ প্রত্যুত্তৰত ইংলেণ্ডে মাত্র ১৩৪ ৰানতে প্রথম ইনিংছ সামৰিছিল৷

You might also like