মেলব’ৰ্ণৰ হোটেলত ৰোহিতক আদৰণি
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ছিডনীত দুসপ্তাহৰ কোৱাৰেণ্টাইন সমাপ্ত কৰি আজি ভাৰতীয় দলত যোগ দিছে তাৰকা বেটছমেন ৰোহিত শর্মাই৷ মেলব’নৰ হোটেলত তেওঁক টীম ইণ্ডিয়াৰ সতীর্থসকলে উষ্ম আদৰণি জনায়৷ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীৰ উপস্থিতিত ৰবীন্দ্র জাদেজা, শ্বেটেশ্বৰ পূজাৰা, ঋদ্ধিমান সাহা, মহম্মদ চিৰাজ আৰু বেটিং প্রশিক্ষক বিক্রম ৰাথোড়ে ৰোহিতক হোটেললৈ আদৰি নিয়ে৷ মেলব’নত ভাৰতীয় দলৰ শিবিৰত ৰোহিতে যোগ দিয়াৰ এক ভিডি’ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি ছ’চিয়েল মিডিয়াত প্রকাশ কৰিছে৷ ‘বন্ধু, তোমাৰ কোৱাৰেণ্টাইন কেনেকুৱা গ’ল? তোমাক পূর্বতকৈ অধিক সতেজ আৰু তৰুণ দেখা গৈছে৷’ প্রশিক্ষক শাস্ত্রীয়ে ভিডি’টোত ৰোহিতক এইদৰে কোৱা দেখা গৈছে৷ উল্লেখ্য যে আই পি এলৰ সময়ত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হৈ ৰোহিত শর্মা অষ্ট্রেলিয়া ভ্রমণৰ টি–২০, এদিনীয়া শৃংখলাৰ লগতে দুখন টেষ্ট মেচৰ পৰা বাহিৰ হৈছিল৷