নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ যুৱ খেলুৱৈ এতিয়াও প্রাইমাৰী স্কুলৰ ছাত্র

ঘৰুৱা ক্রিকেটক শক্তিশালী কৰাৰ বাবে বি চি চি আইক প্রশংসা গ্রেগ চেপেলৰ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ভাৰতৰ যুৱ খেলুৱৈসকলৰ তুলনাত অষ্ট্রেলিয়াৰ যুৱ খেলুৱৈসকল এতিয়াও প্রাথমিক স্কুলৰ শিক্ষার্থী হৈ আছে৷ টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ পূর্বে দেশখনৰ যুৱ ক্রিকেটাৰসকলক বি চি চি আয়ে যি ধৰণে সাজু কৰিছে, সেয়া আন কোনো দেশত দেখিবলৈ পোৱা নাযায়৷

ঘৰুৱা ক্রিকেটক শক্তিশালী কৰি আন্তঃৰাষ্ট্রীয় মানৰ খেলুৱৈ সৃষ্টিৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কোটি কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰি এই মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ তথা ভাৰতৰ একালৰ মুখ্য প্রশিক্ষক গ্রেগ চেপেলে৷

সদ্য সমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত ভাৰতীয় উদীয়মান খেলুৱৈসকলৰ অবিশ্বাস্য প্রদর্শনত অভিভূত হৈ চেপেলে আজি কয় যে বি চি চি আয়ে বিগত সময়ছোৱাত উদীয়মান খেলুৱৈ সৃষ্টিৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ ফল এতিয়া পোহৰলৈ আহিছে৷ ‘ঘৰুৱা ক্রিকেটক শক্তিশালী কৰি যুৱ ক্রিকেটাৰসকলক আন্তঃৰাষ্ট্রীয় মঞ্চলৈ আগুৱাই নিয়াৰ ক্ষেত্রত বি চি চি আয়ে সুপৰিকল্পিত নীতি গ্রহণ কৰিছে৷

এইক্ষেত্রত ব’র্ডে মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে৷ কিন্তু ক্রিকেট অষ্ট্রেলিয়াই শ্বেফিল্ড শ্বিল্ড ঘৰুৱা ক্রিকেট প্রতিযোগিতাত ৪৪ মিলিয়ন ডলাৰ ব্যয় কৰিয়েই সন্তুষ্ট হৈ আছে৷ সেয়ে ভাৰতীয় ক্রিকেটাৰৰ তুলনাত অষ্ট্রেলিয়াৰ যুৱ খেলুৱৈসকল এতিয়াও প্রাথমিক স্কুলৰ ছাত্র হৈ আছে৷’ চেপেলে এইদৰে কয়৷

মন কৰিবলগীয়া যে ভাৰতীয় ক্রিকেটৰ শেহতীয়া উত্থানৰ ক্ষেত্রত প্রাক্তন ক্রিকেটাৰ ৰাহুল দ্রাবিড়ৰ ভূমিকাক বিশ্বৰ ক্রিকেট মহলে ভূয়সী প্রশংসা কৰিছে৷ বর্তমান আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলি থকা টীম ইণ্ডিয়াৰ অধিকাংশ খেলুৱৈকে দ্রাবিড়ে জুনিয়ৰ পর্যায়ৰ পৰা সঠিক তত্ত্বাৱধানেৰে আন্তঃৰাষ্ট্রীয় মঞ্চলৈ সাজু কৰি তুলিছে৷ মহম্মদ চিৰাজ, নৱদীপ ছাইনী, শুভমন গীল, ৱাশ্বিংটন সুন্দৰ, মায়ংক আগৰৱাল, পৃথ্বি শ্ব, ছার্দুল ঠাকুৰ ইয়াৰ অন্যতম উদাহৰণ৷

You might also like