এইবাৰ গোৱাত অনুষ্ঠিত হ’ব আইএছএল
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ আইএছএল দেশৰ ভিন্ন প্রান্তত অনুষ্ঠিত নহয়৷ ইয়াৰ পৰিৱর্তে গোৱাৰ তিনিখন ষ্টেডিয়ামত প্রতিযোগিতাৰ মেচসমূহ খেলোৱা হ’ব৷ গোৱাৰ ক্রীড়ামন্ত্রী মনোহৰ আজগোৱাংকাৰে আজি এই কথা সদৰী কৰে৷ তেওঁ কয় যে সপ্তম সংস্কৰণৰ আইএছএলৰ আটাইকেইখন মেচ গোৱাৰ মাৰগাঁওস্থিত জৱাহৰলাল নেহৰু ষ্টেডিয়াম, ভাস্ক’ ডা গামাস্থিত তিলক নগৰ ষ্টেডিয়াম আৰু বাম্ব’লিমস্থিত জিএমচি এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷
মেচসমূহ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নীতি–নির্দেশনা অনুসৰি দর্শকৰ অনুপস্থিতিত চলিত বর্ষৰ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে আইএছএলৰ জৰিয়তে গোৱা চৰকাৰে ৰাজ্যখনৰ পর্যটন ক্ষেত্রখনক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্য লৈছে৷ উল্লেখ্য যে সাধাৰণতে আইএছএলৰ মেচসমূহ প্রতিটো দলৰ হোম গ্রাউণ্ডত খেলোৱা হয়৷ সেই অনুসৰি নর্থ ইষ্ট ইউনাইটেডৰ হোম গ্রাউণ্ড গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়াম যদিও এইবাৰ উত্তৰ–পূবৰ ফুটবলপ্রেমীয়ে গুৱাহাটীত আইএছএলৰ মেচ উপভোগৰ পৰা বঞ্চিত হ’ব৷