নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ জে’ললৈ স্থানান্তৰিত বিতর্কিত সুশীল কুমাৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ উদীয়মান মল্লযুঁজাৰু সাগৰ ৰাণাক হত্যাৰ অভিযোগত নতুন দিল্লীৰ মাণ্ড’লি কাৰাগাৰত প্রায় এমাহ কটোৱাৰ পিছত তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰক আজি তিহাৰ জে’ললৈ স্থানান্তৰিত কৰা হৈছে৷ সুৰক্ষাজনিত কাৰণত দুবাৰৰ অলিম্পিক পদক বিজয়ী দেশৰ আগশাৰীৰ ক্রীড়াবিদগৰাকীক তিহাৰ জে’ললৈ স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷ শুকুৰবাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে তেওঁক তিহাৰ জে’ললৈ লৈ যোৱা হয়৷ ইফালে, তাৰকা মল্লযুঁজাৰুগৰাকীক ওচৰৰ পৰা চাবলৈ মাণ্ড’লি জে’লৰ সন্মুখত শুকুৰবাৰে অজস্র ক্রীড়ানুৰাগীয়ে ভিৰ কৰা দেখা যায়৷ একাংশ অনুৰাগীৰ লগতে আৰক্ষীৰ বিষয়াসকলেও সুশীল কুমাৰৰ সৈতে ছেলফি উঠে৷ উল্লেখ্য যে কিছুদিন পূর্বে তাৰকা ক্রীড়াবিদগৰাকীয়ে জে’লৰ ভিতৰত পুষ্টিকৰ খাদ্য বিচাৰি আদালতক আবেদন জনাইছিল যদিও দিল্লীৰ এখন আদালতে তেওঁৰ এই আবেদন খাৰিজ কৰিছিল৷

You might also like