ভাৰত–ইংলেণ্ডৰ আজি প্রথম টি–২০
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ টেষ্ট শৃংখলাত চমকপ্রদ সাফল্য অর্জনৰ পিছত এইবাৰ টি–২০ শৃংখলালৈ সাজু হৈছে টীম ইণ্ডিয়া৷ বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পুনৰ এবাৰ আধিপত্য বিস্তাৰৰ লক্ষ্যৰে আজি প্রথম টি–২০ত খেলপথাৰত নামিব৷ আহমেদাবাদৰ সুবৃহৎ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখন ভাৰতৰ নৱাগত আৰু উদীয়মান খেলুৱৈসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিয়নো অক্টোবৰত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি অধিনায়ক বিৰাট কোহলিয়ে প্রতিগৰাকী খেলুৱৈৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিছে৷ বিশ্বকাপলৈ এটা শক্তিশালী আৰু ভাৰসাম্য দল গঠনৰ লক্ষ্যৰে তেওঁ এই টি–২০ শৃংখলাটোত পৰীক্ষা–নিৰীক্ষা চলাবলৈ সাজু হৈছে বুলিও অধিনায়কগৰাকীয়ে ইতিমধ্যে ইংগিত দিছে৷ এই অনুসৰি আজি অভিজ্ঞ অ’পেনাৰ ৰোহিত শর্মাৰ সৈতে উদীয়মান তাৰকা লোকেশ ৰাহুলক ইনিংছ মুকলিৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মিডল অর্ডাৰত অধিনায়ক কোহলিৰ সৈতে শ্রেয়াছ আয়াৰে দীর্ঘদিন ধৰি দায়িত্ব চম্ভালি আছে যদিও আজি মুম্বাইৰ তাৰকা সূর্য কুমাৰ যাদৱক মূল একাদশত সুযোগ দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ উইকেটৰক্ষক হিচাপে ঋষভ পণ্ট আৰু অলৰাউণ্ডাৰৰ ৰূপত হার্দিক পাণ্ডিয়াই খেলাটো নিশ্চিত৷ বলিঙত ছার্দুল ঠাকুৰ আৰু দীপক চহৰৰ মাজৰ যিকোনো এজনেহে স্থান পোৱাৰ সম্ভাৱনা আছে৷ আঘাতমুক্ত হোৱা মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰে আজি প্রত্যাৱর্তন ঘটাব বুলি অধিনায়ক কোহলিয়ে আজি জানিবলৈ দিছে৷ স্থানীয় তাৰকা অক্ষৰ পেটেলে উদীয়মান অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ সৈতে ভাৰতৰ স্পীন বলিং আক্রমণৰ নেতৃত্ব দিব৷ ইফালে, ইয়ন মৰগান নেতৃত্বাধীন ইংলেণ্ড দলটোত আছে জ’ছ বাটলাৰ, জেছন ৰয়, ডেভিদ মালান, বেন ষ্ট’কছ, জ’নী বিয়েৰষ্ট’ আদিৰ দৰে কেইবাগৰাকীও বিস্ফোৰক বেটছমেন৷ বলিঙত দলটোৰ ভৰসা হ’ব জ’ফ্রা আর্চাৰ, ক্রিছ জর্দান, মার্ক উড আৰু টম কুৰান।