নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথক চার্টার্ড বিমানেৰে ডুবাইলৈ গৈছে বিৰাট কোহলি

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে শুকুৰবাৰে ডুবাইত উপস্থিত –হৈছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ খেলুৱৈসকল৷ বাংগালুৰু বিমানবন্দৰৰ পৰা ইউ এ ইলৈ উৰা মৰা দলটোৱে সন্ধিয়া প্রায় ৬ বজাত ডুবাই বিমানবন্দৰত অৱতৰণ কৰে৷ অৱশ্যে আৰ চি বিৰ সৈতে নাছিল দলটোৰ অধিনায়ক বিৰাট কোহলি৷

জানিব পৰা অনুসৰি তাৰকা বেটছমেনগৰাকীয়ে এখন পৃথক চার্টার্ড বিমানেৰে নিশা প্রায় ৯ বজাত ডুবাইত উপস্থিত হয়৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাৰ পৰা নিজকে আঁতৰত ৰাখি কোহলিয়ে মুম্বাইৰ পৰাই পোনে পোনে চার্টার্ড বিমানেৰে ডুবাইলৈ ৰাওনা হয়৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত এক বাতৰি অনুসৰি আৰ চি বিৰ অধিনায়কগৰাকীয়ে শেহতীয়াকৈ মুম্বাইত নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছিল আৰু ক’ভিড টেষ্টো সম্পন্ন কৰিছে৷ সেয়ে তেওঁ ভাইৰাছৰ সংক্রমণৰ পৰা নিজকে দূৰত ৰাখি মুম্বাইৰ পৰা বাংগালুৰুলৈ নগৈ চার্টার্ড বিমানেৰে পোনে পোনে ডুবাইলৈ উৰা মাৰে৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ খেলুৱৈসকল ডুবাইত উপস্থিত হোৱাৰ কেইঘণ্টামান পিছতে অধিনায়ক কোহলি চহৰখনত অৱতৰণ কৰে৷

ইফালে, ডুবাইৰ বিলাসী ৱালড’ফ হোটেলৰ ১৫৫টা কোঠাযুক্ত এটা সুকীয়া ব্লক আৰ চি বিৰ খেলুৱৈসকলৰ বাবে বুকিং কৰা হৈছে৷ আৰ চি বিৰ অধ্যক্ষ সঞ্জীৱ চুৰিৱালে আজি জানিবলৈ দিয়া অনুসৰি খেলুৱৈসকলক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা দূৰত ৰাখিবলৈ হোটেলখনৰ এটা সুকীয়া ব্লকত আছুতীয়াকৈ ৰখা হৈছে৷ ১৫৫টা কোঠাযুক্ত এই ব্লকত অত্যাধুনিক জিম, ছুইমিং পুল আৰু ডাইনিং ৰুমৰ ব্যৱস্থা আছে৷ খেলুৱৈসকলৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি হোটেলৰ কর্মচাৰীসকলৰ নিয়মীয়া ক’ভিড টেষ্ট সম্পন্ন কৰি থকা হৈছে বুলিও আৰ চি বিৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে আৰ চি বি দলটোৰ সৈতে আছে ২১গৰাকী খেলুৱৈকে ধৰি মুঠ ৪০জন সদস্য৷

You might also like