কোহলিৰ অনুপস্থিতিয়ে প্রভাৱিত কৰিব টীম ইণ্ডিয়াক
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচত অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিয়ে টীম ইণ্ডিয়াক প্রভাৱিত কৰিব৷ –এই আশংকা প্রকাশ কৰিছে অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে৷
পত্নী অনুষ্কা শর্মাই জানুৱাৰীৰ আৰম্ভণিতে প্রথমটো সন্তান জন্ম দিয়াৰ প্রতি লক্ষ্য ৰাখি অধিনায়ক কোহলিয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথমখন টেষ্ট খেলিয়েই দেশলৈ উভতি অহাৰ সিদ্ধান্তক সন্মান জনাই লেংগাৰে কয় যে কোহলিৰ অনুপস্থিতিয়ে ভাৰতীয় টেষ্ট দলটোক প্রভাৱিত কৰাটো নিশ্চিত৷ কিয়নো ২০১৮–১৯ৰ অষ্ট্রেলিয়া ভ্রমণত ভাৰতে ঐতিহাসিক সাফল্য অর্জন কৰাৰ সময়ত অধিনায়ক কোহলিয়ে দলটোৰ হৈ মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ ‘কেইবাটাও কাৰণত মই বিৰাট কোহলিক সাম্প্রতিক বিশ্ব ক্রিকেটৰ শ্রেষ্ঠ খেলুৱৈ হিচাপে অভিহিত কৰিব বিচাৰোঁ৷ বেটিঙৰ লগতে খেলপথাৰত তেওঁৰ অভূতপূর্ব উদ্যম আৰু শাৰীৰিক সক্ষমতাই কোহলিক এগৰাকী মহান খেলুৱৈলৈ ৰূপান্তৰিত কৰিছে৷ তেওঁৰ উপস্থিতিত টীম ইণ্ডিয়া যথেষ্ট শক্তিশালী দল৷ টেষ্ট শৃংখলাৰ প্রথমখন মেচ খেলি কোহলিয়ে দেশলৈ উভতি যোৱাৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ৷ কিন্তু ভাৰতীয় দলে তেওঁৰ অনুপস্থিতি অনুভৱ কৰাটো নিশ্চিত৷’ অষ্ট্রেলিয়াৰ প্রশিক্ষক লেংগাৰে এইদৰে কয়৷