অসমৰ বানপীড়িতলৈ সাহায্য কোহলি–অনুষ্কাৰ
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ভয়ংকৰ বানপানীত ক্ষতিগ্রস্ত অসম আৰু বিহাৰক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ পত্নী তথা বলীউডৰ মোহময়ী অভিনেত্রী অনুষ্কা শর্মাই৷
ছ’চিয়েল মিডিয়াত প্রকাশ কৰা এক বিবৃতিত কোহলি–অনুষ্কাই কয় যে ক’ৰোনা মহামাৰীৰ ভয়াৱহ প্রার্দুভাৱৰ মাজতে অসম আৰু বিহাৰৰ জনসাধাৰণে বিধ্বংসী বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে দুর্যোগৰ সময়ত আমি তেওঁলোকৰ প্রতি সহমর্মিতা প্রকাশ কৰিছোঁ আৰু ৰাজ্য দুখনৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰিছোঁ৷ ভাৰতীয় ক্রীড়া আৰু ছবি জগতৰ ছেলিব্রিটী দুগৰাকীয়ে বিবৃতিটোত পুনৰ উল্লেখ কৰে যে অসম আৰু বিহাৰৰ বানত ক্ষতিগ্রস্ত লোকসকলৰ সহায়ৰ বাবে তেওঁলোকে তিনিটা সংস্থাৰ জৰিয়তে অপ্রকাশিত ধনৰাশি আগবঢ়াইছে৷ বানবিধ্বস্ত ৰাজ্য দুখনত সাহায্য আৰু কল্যাণমূলক কামত অনবদ্য বৰঙণি যোগাই থকা একচন এইড ইণ্ডিয়া, ৰেপিড ৰেছপনছ আৰু গুঞ্জ নামৰ সংস্থা তিনিটাৰ জৰিয়তে অসম আৰু বিহাৰৰ বানপীড়িতক সাহায্য আগবঢ়োৱা কোহলি আৰু অনুষ্কাই লগতে তেওঁলোকৰ অনুৰাগীসকলকো আহ্বান জনাই যে দুর্যোগৰ সময়ত সকলোৱে পৰস্পৰক সহায় কৰা উচিত৷