নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাটক বিৰতি ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে

২-৩ মাহৰ বিৰতি ল’ব লাগে বিৰাট কোহলিয়ে। বাকী সকলো কথাত নিৰ্বিকাৰ হৈ থাকি বিৰাটে কেৱল বেটিঙত মনোযোগ দিব লাগে। এই পৰামৰ্শ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য কোটচ ৰবি শাস্ত্ৰীৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পাছত এদিনীয়া ক্রিকেটৰ অধিনায়কত্ব বাদ দিছে কোহলিয়ে। দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এদিনীয়া ছিৰিজত দুটা অর্ধ শতক কৰিলেও দুবছৰ ধৰি তেওঁৰ বেটৰ পৰা শতৰান ওলোৱা নাই। তাৰ মাজতে বোৰ্ডৰ সৈতে সংঘাত।

এনে অৱস্থাত ৰবি শাস্ত্ৰীয়ে মন কৰিছে যে অন্ততঃ দুই-তিনি মাহৰ বিৰতি লোৱা উচিত কোহলিৰ। তাৰ পাছতহে আকৌ দুৰ্দান্ত হৈ উঠিব পাৰিব তেওঁ। ভাৰতৰ প্ৰথম কোটচ হৈ অহা সময়ৰে পৰা কোহলিৰ সৈতে শাস্ত্রীৰ সম্পর্ক খুব গভীৰ। পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ ছোয়েব আখতাৰৰ ইউটিউব চেনেলত এটি সাক্ষাৎকাৰত শাস্ত্রীয়ে কয় যে কোহলিৰ ওপৰত চাপ ক্রমাণ্বয়ে বাঢ়িছে। মানুহে সুযোগ বিচাৰিছে কেতিয়া তেওঁক আক্রমণ কৰিব পাৰি। আচলতে কোনো ক্রিকেটাৰ নিখুঁত নহয়। কোহলিয়ে বুজিব লাগিব যে তেওঁৰ ৩৩ বছৰ বয়স হৈ গৈছে ঠিকেই, কিন্তু এতিয়াও পাঁচ বছৰ ক্রিকেট খেলিবলৈ বাকীয়ে আছে।

You might also like