পাৰাগুৱেৰ সৈতে ড্র খেলিলে আর্জেণ্টিনাই
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ২০২২ৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ ৰাউণ্ডত তাৰকাসমৃদ্ধ আর্জেণ্টিনাই পাৰাগুৱেৰ সৈতে ১–১ গ’লত ড্র খেলিছে৷ যোৱানিশা অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ মেচখনৰ ২১ মিনিটতে আর্জেণ্টিনাই এটা গ’ল হজম কৰিবলগীয়া হয় যদিও প্রথমটো অর্ধৰ ভিতৰতে দলটোৱে গ’লটো পৰিশোধ কৰিবলৈ সক্ষম হয়৷ তাৰকা ষ্ট্রাইকাৰ এঞ্জেল ৰ’মেৰোৱে পেনাল্টীৰ সহায়ত পাৰাগুৱেক ২১ মিনিটত অগ্রগতি দিয়ে৷ কিন্তু ৪১ মিনিটত নিকোলাচ গঞ্জালেজে আর্জেণ্টিনাৰ হৈ সমতাসূচক গ’লটো কৰে৷
উল্লেখ্য যে এই ফলাফলৰ পিছত দুয়োটা দলে প্রথম তিনিখন মেচত অপৰাজেয় হৈ থাকে৷ আর্জেণ্টিনাই অহা মঙলবাৰে পেৰুৰ বিৰুদ্ধে পৰৱর্তী মেচখন খেলিব৷ একেদৰে পাৰাগুৱেই বলিভিয়াৰ বিৰুদ্ধে সেইদিনাই খেলপথাৰত নামিব৷