ছাউদাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল; ক’ভিডৰ বাবে লর্ডছৰ পৰা স্থানান্তৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ক্রিকেটৰ মক্কা হিচাপে পৰিচিত লর্ডছৰ পৰিৱর্তে নিউজিলেণ্ডৰ ছাউদাম্পটনত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা সদৰী কৰে৷
ইণ্ডিয়া টুডে’ৰ স’তে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভাৰতৰ প্রাক্তন অধিনায়ক তথা ব’ৰ্ডৰ বর্তমানৰ মুৰব্বীগৰাকীয়ে কয় যে মহামাৰী ক’ভিড–১৯ৰ প্রতি লক্ষ্য ৰাখি ছাউদাম্পটন অধিক সুৰক্ষিত স্থান হিচাপে বিবেচিত হৈছে৷ সেয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ ভেন্যু হিচাপে ছাউদাম্পটনক বাছনি কৰা হৈছে৷ হূদৰোগৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ উঠা গাংগুলীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল উপভোগ কৰিবলৈ নিউজিলেণ্ডৰ ছাউদাম্পটন চহৰলৈ যাব বুলিও জানিবলৈ দিয়ে৷
উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডৰ মুখামুখি হ’ব৷ সদ্যসমাপ্ত টেষ্ট শৃংখলাত ইংলেণ্ডক বিধ্বস্ত কৰি বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ফাইনেললৈ যোগ্যতা অর্জন কৰে৷
ইফালে, শেহতীয়াকৈ টীম ইণ্ডিয়াই টেষ্ট ক্রিকেটত দাঙি ধৰা চমকপ্রদ প্রদর্শনক ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে ভূয়সী প্রশংসা কৰে৷ বিশেষকৈ উদীয়মান তাৰকা ঋষভ পণ্টে ব্রিছবেন টেষ্টত যি ধৰণৰ অসাধাৰণ বেটিঙেৰে ভাৰতলৈ ঐতিহাসিক জয় কঢ়িয়াই আনিছিল সেয়া অভূতপূর্ব বুলি গাংগুলীয়ে উল্লেখ কৰে৷