নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি টেষ্ট ৰেংকিংঃ কোহলিৰ শীর্ষ স্থান অক্ষুণ্ণ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃআই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷

সদ্যপ্রকাশিত ৰেংকিঙত ৯২৮ পইণ্টেৰে কোহলিয়ে শীর্ষস্থানটো নিজৰ দখলতে ৰাখে৷ ইফালে, ৯১১ পইণ্টেৰে অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথে দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷

আনহাতে ছিডনী টেষ্টত দ্বিশতক অর্জন কৰি কেৰিয়াৰ শ্রেষ্ঠ তৃতীয় স্থানলৈ উন্নীত হ’ল অষ্ট্রেলিয়া দলটোৰ প্রতিভাৱান বেটছমেন লাবুচানে৷

ইফালে, ভাৰতৰ পূজাৰা আৰু ৰাহানে ক্রমে ষষ্ঠ আৰু নৱম স্থানত আছে৷ বলিং শাখাত বুমৰাহে পূর্বৰ ষষ্ঠ স্থানত থকাৰ লগতে অশ্বিন আৰু ছামি ক্রমে নৱম আৰু দশম স্থানত আছে৷

You might also like