নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক ক্রিকেটত ৪০০ ছিক্সাৰৰ অভিলেখৰ দিশে ৰোহিত

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অহা শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া প্রথম টি–২০ত এক বিৰল অভিলেখে অপেক্ষা কৰিছে টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাৰ বাবে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৪০০ ছিক্সাৰৰ ক্লাবত প্রৱেশ কৰিবলৈ তাৰকাগৰাকীক এতিয়া প্রয়োজন মাথোঁ এটা ছিক্সাৰৰ৷ প্রথম টি–২০ত এটা ছিক্সাৰ কোবাবলৈ সক্ষম হ’লেই ৰোহিতে ক্রিছ গেইল আৰু শ্বাহিদ আফ্রিদীৰ পিছত বিশ্বৰ তৃতীয়গৰাকী বেটছমেন হিচাপে ৪০০ বা ততোধিক ছিক্সাৰৰ ক্লাবত প্রৱেশ কৰিব৷ ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন গেইলে এইপর্যন্ত আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৫৩৪টা আৰু পাকিস্তানৰ প্রাক্তন অধিনায়ক আফ্রিদীয়ে ৪৭৬টা ছিক্সাৰ কোবাইছে৷ মন কৰিবলগীয়া যে সীমিত অভাৰৰ ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন ৰোহিত হ’ব ৪০০ ছিক্সাৰ কোবোৱা ভাৰতৰ প্রথমগৰাকী ক্রিকেটাৰ৷

You might also like