নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকোট এদিনীয়াঃঅষ্ট্ৰেলিয়াক জয়ৰ বাবে ৩৪০ ৰাণ প্ৰয়োজন

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাজকোটত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয় খন এদিনীয়াত ভাৰতে ৫ উইকেটৰ বিনীময়ত ৩৪০ ৰাণ সংগ্ৰহ কৰিছে। টছত অষ্ট্ৰেলিয়াই জয়ী হৈ ভাৰতে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতে সুযোগৰ সদব্যৱহাৰ কৰি শিখৰ ধাৱনৰ ৯৬ ৰাণ, কেএল ৰাহুল ৮০ ৰাণ, আৰু অধিনায়ক বিৰাট কোহলীৰ ৭৮ ৰাণৰ সহায়ত দলটোৱে ৩৪০ ৰাণ সংগ্ৰহ কৰে। আনহাতে ৰোহিত শৰ্মাই ৪২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়ন মুখী হয়। অষ্ট্ৰেলিয়াৰ হৈ এডম জাম্পাই সৰ্বাধিক ৩ টা উইকেট লয়।

You might also like