নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত আজি নির্ণায়ক টি–২০

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ অন্তিম তথা নির্ণায়ক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোত ১–১ত সমতা স্থাপন হৈ থকাত কাইলৈৰ এই মেচখন বিশেষ গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হৈছে৷ শৃংখলাটোৰ প্রথমখন মেচত বিজয়ী হ’লেও তিৰুৱনন্তপুৰমত হৈ যোৱা দ্বিতীয়খন মেচত বিৰাট কোহলি বাহিনীয়ে সহজে আত্মসমর্পণ কৰিছিল কেৰিবিয়ান বাহিনীৰ ওচৰত৷ অৱশ্যে কাইলৈ এই নির্ণায়ক মেচখনক লৈ আশাবাদী টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ দ্বিতীয়খন মেচত কৰা দুর্বল ফিল্ডিঙৰ বাবেই পৰাজয়ৰ গ্লানি সহিবলগীয়া হোৱা বুলি উল্লেখ কৰি কোহলিয়ে আজিৰ নির্ণায়ক মেচখনৰ মূল একাদশত সালসলনি হ’ব বুলি ইংগিত দিছে৷ ৱাশ্বিংটন সুন্দৰৰ স্থানত মহম্মদ ছামিয়ে মূল একাদশত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কোহলিয়ে কয় যে কাইলৈৰ এই মেচখনতো শিৱম ডুবেই তৃতীয় স্থানত বেটিং কৰাৰ সম্ভাৱনা অধিক আছে৷ ইফালে, ভুবনেশ্বৰ কুমাৰকো কাইলৈৰ মেচখনত বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ কাইলৈৰ নির্ণায়ক মেচখনত বেটিঙৰ লগতে ফিল্ডিঙতো অধিক গুৰুত্ব দিবলৈ সতীর্থসকলক আহ্বান জনাইছে কোহলিয়ে৷ আজিৰ এই মেচখনত বিজয় সাব্যস্ত কৰি টি–২০ শৃংখলাটো দখল কৰাৰ লক্ষ্যৰে নামিব বুলি কোহলিয়ে ব্যক্ত কৰে৷ ইফালে, দ্বিতীয়খন টি–২০ত দর্শনীয় বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৱেষ্ট ইণ্ডিজ দলটোৱে কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলা দখলৰ লক্ষ্য লৈছে৷ দ্বিতীয়খন মেচত সতীর্থসকলে কৰা প্রদর্শনত সন্তুষ্টি ব্যক্ত কৰি ৱেষ্ট ইণ্ডিজ দলটোৰ অধিনায়ক কিৰন পোলার্ডে কয় যে ৱাংখেড়েত কাইলৈ হ’বলগীয়া এই মেচখনক লৈ আত্মবিশ্বাসী কেৰিবিয়ান বাহিনী৷

You might also like