নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশনি সংকেতঃ দুর্বল হৈছে পৃথিৱীৰ চুম্বকীয় ক্ষেত্র

নিয়মীয়া বাৰ্তা, ২৪ মেঃ পৃথিৱীবাসীৰ বাবে আন এক অশনি সংকেত৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্রখন ক্রমাৎ দুর্বল হৈ গৈ আছে৷ ইউৰোপীয় মহাকাশ সংস্থা(ইএছএ)ই বিজ্ঞানীৰ দল এটাই ইএছএৰ শ্বার্ম কৃত্রিম উপগ্রহৰ দ্বাৰা শ্বার্মদাতা, ইন’ভেচন আৰু ছায়েঞ্চ ক্লাষ্টাৰ(ডিআইএছচি)ৰ দাতা ব্যৱহাৰ কৰি পৃথিৱীৰ চুম্বক ক্ষেত্র দুর্বল হৈ গৈ থকাটো নিশ্চিত কৰিছে৷ শ্বার্ম কৃত্রিম উপগ্রহই বিভিন্ন চুম্বকীয় ক্ষেত্রক চিনাক্ত আৰু ইয়াৰ পৰিমাপ নির্ণয় কৰি আহিছে৷ উল্লেখ্য যে সৌৰ বিকিৰণৰ পৰা সম্ভাব্য ক্ষতিৰ পৰা পৃথিৱীবাসীক চুম্বক ক্ষেত্রখনে সুৰক্ষা দি আহিছে৷ কিন্তু এই চুম্বক ক্ষেত্রখন দুর্বল হৈ পৰাত মানৱ–উদ্ভিদ জগতখনৰ প্রতি ভাবুকি আহি পৰিব৷ গৱেষণাত লাভ কৰা তথ্য মতে বিগত দুটা শতিকাত চুম্বকীয় ক্ষেত্রখন গড়ে ১০ শতাংশ দুর্বল হৈছে৷ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত দক্ষিণ আটলাণ্টিকৰ চুম্বকীয় ক্ষেত্রখনৰ এটা বিশাল দাগ প্রত্যক্ষ কৰা হৈছে৷ বিগত ৫০ বছৰ ধৰি এই অঞ্চলটিত এনে দাগ বৃদ্ধি পাই থকাৰ লগতে পশ্চিম দিশে আগবাঢ়ি আছে৷ পৃথিৱীবাসীৰ বাবে অশনি সংকেত অনাই নহয়, মহাকাশত থকা কৃত্রিম উপগ্রহ আৰু মহাকাশ যানতো বিসংগতি ঘটাব চুম্বকীয় ক্ষেত্রখন দুর্বল হৈ পৰাৰ বাবে৷ এনে হ’লে মহাকাশৰ কক্ষপথত থকা কৃত্রিম উপগ্রহৰ বিচ্যুতি ঘটিব৷ পৰিণতিত কৃত্রিম উপগ্রহৰে পৃথিৱীবাসীক প্রদান কৰি থকা সুবিধাসমূহত ব্যাঘ্যাত জন্মিব৷ মহাকাশ যানৰ স্বাভাৱিক চালচলনত ব্যাঘাত জন্মিব৷ ইয়ে বিশ্বৰ পৰৱর্তী মহাকাশ অভিযানৰ প্রতিবন্ধক হিচাপে থিয় দিয়াৰ সম্ভাৱনা নথকা নহয়৷

You might also like