নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ লোকৰ প্রৱেশ বন্ধ কৰিলে অৰুণাচলে

নিয়মীয়া বাৰ্তা, ২৪ মেঃ সোণাৰিত ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছতে নাগালেণ্ড চৰকাৰে ছীল কৰি দিয়া অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সংলগ্ণ আন্তঃৰাজ্যিক সীমান্ত মুকলি কৰি দিয়াৰ আশ্বাস দিছে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী নেইফি’ ৰি’ৱে৷ ইয়াৰ লগে লগে নাগালেণ্ড চৰকাৰে ছীল কৰা আন্তঃৰাজ্যিক সীমান্ত মুকলি হোৱাৰ পথ প্রশস্ত হৈ পৰিল৷ উল্লেখ্য যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰি’ৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে নাগালেণ্ড চৰকাৰে ক’ভিড–১৯ সংক্রমণ ৰোধ কৰাৰ পদক্ষেপ হিচাপে ইতিপূর্বে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম–নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰি’ক অনুৰোধ জনায় ৷

মুখ্যমন্ত্রী সোণোৱালৰ অনুৰোধৰ প্রতি সঁহাৰি জনাই নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰি’ৱে দুয়োখন জিলাৰ আন্তঃৰাজ্যিক সীমান্ত মুকলি কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ আশ্বাস প্রদান কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ৰোনা ভাইৰাছ সংক্রমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিৰুদ্ধে সকলোৱে যৌথভাৱে যুঁজ দিব লাগিব৷ এই সময়ছোৱাত জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ সমান্তৰালভাৱে অর্থনৈতিক কাম–কাজসমূহো যাতে বাধাহীনভাৱে চলিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগিব৷

অসম–নাগালেণ্ড সীমান্তৱর্তী বাগিচাসমূহত জড়িত শ্রমিকসকলে সীমান্ত ছীল কৰাৰ ফলস্বৰূপে যাতায়াতৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু তাৰ ফলত চাহ বাগিচাসমূহৰ লগতে তেওঁলোকৰ আর্থিক দিশত পোনপটীয়াকৈ প্রভাৱ পৰিছে৷ সেইদৰে সীমান্তৱর্তী বিভিন্ন শিলৰ কোৱেৰীত উৎপাদিত নির্মাণ সামগ্রীসমূহৰ যাতায়াতো বাধাপ্রাপ্ত হৈছে৷ এই দিশৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য সংক্রান্তীয় সকলো বিধি–বিধান মানি চলি ইতিমধ্যে ছীল কৰা সীমান্ত মুকলি কৰিলে অর্থনৈতিক কাম–কাজৰ ক্ষেত্রত অহা জটিলতা দূৰ হ’ব তথা চাহ শ্রমিক আৰু শিলৰ কোৱেৰীসমূহৰ শ্রমিকসকল বিশেষভাৱে উপকৃত হ’ব৷

তদুপৰি এই পদক্ষেপে নির্মাণ খণ্ডত ব্যৱহূত সামগ্রীসমূহৰ সুচল যাতায়াতৰ ক্ষেত্রত সহায় কৰিব৷ এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰি’ক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছীল কৰা সীমান্ত মুকলি কৰিবলৈ অনুৰোধ জনায়৷ ইফালে, অৰুণাচল প্রদেশ প্রশাসনে ৰাজ্যখনত অসমৰ লোকৰ প্রৱেশত বাধা–নিষেধ আৰোপ কৰিছে৷ মূলতঃ ক’ৰোনা ভাইৰাছ সংক্রমণৰ প্রতিৰোধকল্পে অৰুণাচল প্রদেশৰ লংডিং জিলাৰ উপায়ুক্ত চেণ্টা যাদৱে কালি এক নির্দেশনা জাৰি কৰে৷ নির্দেশনাটোৰ জৰিয়তে শ্রমিক, নির্মাণ কর্মী, ব্যৱসায়ী আদিৰ অকর্তৃত্বশীল প্রৱেশত বাধা আৰোপ কৰা হৈছে৷ তদুপৰি জৰুৰীকালীন চিকিৎসা সেৱাক বাদ দি আন কোনো কাৰণত অৰুণাচল প্রদেশৰ লোকক অসম ভ্রমণৰ অনুমতি লংডিং জিলা প্রশাসনৰ তৰফৰ পৰা দিয়া নহয় বুলিও একেটা নির্দেশতে স্পষ্ট কৰি দিয়া হৈছে৷

You might also like