চামগুৰিত কংগ্রেছীয়ে লুটিলে কৃষক নিধিৰ ধন
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰাজ্যখনৰ লগতে সমগ্র নগাঁও জিলাত প্রধানমন্ত্রী কৃষি সন্মান নিধি আঁচনিত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ জিলাখনৰ চামগুৰি, ৰূপহী, ধিং বিধানসভা সমষ্টিত এই আঁচনিৰ নামত সর্বাধিক দুর্নীতি সংঘটিত হৈছে৷ প্রাপ্ত খবৰ মতে, চামগুৰি বিধানসভা সমষ্টিত ভুৱা হিতাধিকাৰীৰ নামত একাংশ দালাল জাতীয় লোকে বেংকৰ একাউণ্টৰ পৰা এই আঁচনিৰ ধন হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশ কংগ্রেছী নেতাৰ নেতৃত্বত সমষ্টিটোত সংঘটিত হৈছে এই কেলেংকাৰি৷ এই আঁচনিৰ ধন লুণ্ঠনত একাংশ কৃষি বিষয়া, পঞ্চায়ত প্রতিনিধি, সচিব, জিলাখনত থকা বহুকেইটা বেংকৰ চি এছ পিৰ বাণিজ্যিক প্রতিনিধি জডিত আছে৷ জানিব পৰা মতে, সমষ্টিটোৰ গেৰুৱামুখত জনৈক ৰহিম নামৰ এজন দৰিদ্র কৃষকৰ নামত এই আঁচনিৰ ধন দুবাৰকৈ আবণ্টন দিয়া দেখুওৱা হৈছে যদিও কৃষকজনে এবাৰো ধন লাভ কৰা নাই৷
আনকি তেওঁক ধন প্রদান যিটো একাউণ্টত কৰা দেখুওৱা হৈছে সেই একাউণ্টটো ভুৱা৷ ইতিমধ্যে কৃষকজনে বাজিয়া গাঁও উন্নয়ন খণ্ড বিষয়াক এই অভিযোগ দিছে৷ একেদৰে আব্দুল ৰহিম নামৰ ব্যক্তিজনক দুবাৰকৈ কৃষক আঁচনিৰ ধন বেলেগ বেলেগ পঞ্জীয়ন নম্বৰৰ জৰিয়তে একেটা একাউণ্টত লাভ কৰিছে কৃষক নিধিৰ ধন৷ একেদৰে দাস উপাধিৰ ব্যক্তিজনৰ নামতো দুবাৰকৈ একেটা একাউণ্টত লাভ কৰিছে কৃষক নিধিৰ ধন৷ তদুপৰি সমষ্টিটোৰ ৰফিকুল ইছলাম, তৈবুল ইছলাম, আব্দুল হেকিম, আব্দুল ৰহিম নামৰ ভুৱা ব্যক্তিৰ একাউণ্ট খুলি হৰলুকী কৰা হৈছে কৃষক আঁচনিৰ ধন৷ নিজ খাটোৱাল গাঁও পঞ্চায়তত বহু ছাত্র–ছাত্রী আৰু চাকৰিয়ালকো সংশ্লিষ্টসকলে কৃষক সজাই প্রদান কৰিছে কৃষক নিধিৰ ধন৷
এই গাঁও পঞ্চায়তৰ নামত তিনি শতাধিক ভুৱা একাউণ্ট নগাঁৱৰ বেংক অৱ বৰোদাত খুলি লুণ্ঠন চলাইছে একাংশ দুষ্ট চক্রই৷ একেদৰে কাৱৈমাৰী, মাগুৰমাৰী, কনুৱামাৰী, বাজীয়া গাঁও পঞ্চায়তত এই আঁচনিৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ ইপিনে ৰূপহীহাট সমষ্টিৰ কলংপাৰ হালোৱাগাঁৱত ইছলামধর্মী লোক নথকাৰ পিছতো একাংশ ইছলামধর্মী লোকক হিতাধিকাৰী সজাই দুষ্ট চক্রই এই আঁচনিৰ নামত লুণ্ঠন চলাইছে৷ একেদৰে বঢ়মপুৰ সমষ্টিতো প্রকৃত কৃষকে এই আঁচনিৰ ধন নোপোৱাৰ অভিযোগ কৰিছে অ গ প নেতা–কর্মীসকলে৷ ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱাল গাঁও পঞ্চায়তত শতাধিক ভুৱা কৃষকৰ নামত ধন লুটিছে দুষ্ট চক্রই৷ নগাঁও জিলাৰ প্রতিটো সমষ্টিতে এই আঁচনিৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷