দুর্নীতিঃ নিউ বঙাইগাঁৱত মন্ত্রী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ
নিয়মীয়া বাৰ্তা, ২৪ মেঃ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী বাছনিৰ নামত ৰাজ্যত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বঙাইগাঁৱত মন্ত্রী ফণীভূষণ চৌধুৰীসহ আঠজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে৷ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ দুর্নীতিত জড়িতৰ অভিযোগত চাৰিজন যুৱকে মন্ত্রী চৌধুৰীসহ মুঠ আঠজনৰ বিৰুদ্ধে নিউ বঙাইগাঁও আৰক্ষী চকীত কালি নিশা এজাহাৰ দাখিল কৰে৷ পথাৰ পৰিচালনা সমিতিৰ সভাপতি গোকুল মেধি আৰু সম্পাদক মনোজ বৰুৱাৰ লগতে ঢ়ালিগাঁও সচেতন মঞ্চৰ সভাপতি মনোজ বৰুৱা আৰু সম্পাদক দিগম্বৰ ৰায়ে এই এজাহাৰ দাখিল কৰে৷ দুর্নীতিত জড়িত থকাৰ অভিযোগ কৰি মন্ত্রী চৌধুৰীৰ উপৰি জিলা পৰিষদৰ সদস্যা ৰঞ্জু সিংহ, প্রাক্তন জিলা পৰিষদৰ সদস্য প্রণৱ চৌধুৰী, ঢ়ালিগাঁও গাঁও পঞ্চায়তৰ সদস্যা পার্বতী ৰায়, গ্রামসেৱক কৃতী লোধ, জিলা কৃষি বিষয়া লক্ষেশ্বৰ ৰায়, কৃষি সম্প্রসাৰণ বিষয়া মহম্মদ নজৰুল আৰু জয়ন্ত সিংহকে ধৰি আঠজনৰ নামত এজাহাৰ দাখিল কৰিছে৷ ঢ়ালিগাঁও পঞ্চায়তত প্রকৃত কৃষকক বঞ্চিত কৰি ৰাজনৈতিক নেতা–পালিনেতা, জনপ্রতিনিধি, জনপ্রতিনিধিৰ পৰিয়াল, প্রাক্তন জনপ্রতিনিধি, ব্যৱসায়ী আদি লোকে আঁচনিখনৰ সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে এজাহাৰকাৰী চাৰি যুৱকৰ বিৰুদ্ধেও আৰক্ষী চকীত আন এখন এজাহাৰ জয়ন্ত সিংহই দাখিল কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে বর্তমানলৈ দুয়োখন এজাহাৰৰ বিপৰীতে গোচৰ ৰুজু কৰা নাই বুলি জানিব পৰা গৈছে৷