নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ সর্বত্র শ শ লোকক কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ২৪ মেঃ শিক্ষা, কর্মসংস্থান, চিকিৎসা আদিৰ কামত নিয়োজিত হৈ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা লোকসকলক ৰাজ্যখনলৈ ওভতাই অনাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৰ পৰিপ্রেক্ষিতে বিশ্বনাথ জিলালৈ প্রত্যাৱর্তন ঘটিছে তেনে লোকৰ৷ চৰকাৰী নির্দেশনা অনুসৰি বিশ্বনাথ জিলা প্রশাসনেও স্ব–গৃহমুখী এনে লোকৰ স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ডেৰ কুৰিৰো অধিক কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি বহিঃৰাজ্যৰ পৰা স্ব–গৃহমুখী হোৱা লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ এই বাতৰি যুগুত কৰা পর্যন্ত জিলাখনত মুঠ ১২টা কোৱাৰেণ্টাইন চেণ্টাৰত ৩৪৪জন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে৷

সেইদৰে জিলাখনত এই পর্যন্ত মুঠ ৬৫৭গৰাকী ব্যক্তিৰ ছোৱাব সংগ্রহ কৰা হৈছে৷ অৱশ্যে ইয়াৰে এই পর্যন্ত ৪৭৬জন লোকৰ ক’ভিড–১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে আৰু বাকীসকলৰ পৰীক্ষাৰ ফলাফল আহি পোৱা নাই৷ উল্লেখ্য যে জিলাখনৰ প্রথমগৰাকী ক’ভিড–১৯ত আক্রান্ত টক’ গয়াৰী নামৰ ষাঠি বছৰীয়া ব্যক্তিগৰাকী পশ্চিমবংগৰ পৰা খোজকাঢ়ি, গাডী আদিৰ সহায়ত নিজৰ ঘৰ ওলোৱাৰ পিছত জিলা প্রশাসনৰ তৎপৰতাত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্রদান কৰাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁৰ সংস্পর্শলৈ অহাসকলক স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেণ্টাইন কৰা হৈছে৷ আনহাতে চৰকাৰী নির্দেশনা অনুসৰি বহিঃৰাজ্যৰ পৰা স্ব–গৃহমুখী হোৱা জিলাখনৰ প্রতিগৰাকী লোককে ৭ দিনকৈ বাধ্যতামূলক প্রতিষ্ঠানিক কোৱাৰেণ্টাইন (ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন) কৰাৰ অন্তত জিলাৰ ডিচার্জ বোর্ডে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা অব্যাহতি দিছে৷

 

জানিব পৰা মতে, আজি পর্যন্ত এনে ২৭জন ব্যক্তিক অব্যাহতি দিছে৷ অৱশ্যে লোকসকলক চৰকাৰী নির্দেশনা অনুসৰি নিজ নিজ এলেকাৰ গাঁও পর্যায়ৰ কোৱাৰেণ্টাইন সমিতিৰ নিৰীক্ষণত অন্য ৭ দিনৰ বাবে বাধ্যতামূলক হোম কোৱাৰেণ্টাইন কৰাৰো ব্যৱস্থা হৈছে৷ উল্লেখ্য যে জিলাখনত সম্প্রতি ২২৫টা চার্ভিলেন্স টীমে সক্রিয়ভাৱে বিভিন্ন অঞ্চলত কর্ম সম্পাদন কৰি আছে৷ এ এন এম, আশা, ছুপাৰ ভাইজৰ, আশাকর্মী, এম পি ডব্লিউ, অংগনৱাড়ী কর্মী প্রমুখ্যে গঠিত ছার্ভিলেঞ্চ টীমে ক্ষেত্র পর্যায়ত ঘৰে ঘৰে পর্যবেক্ষণ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে৷ বহিঃৰাজ্যৰ পৰা স্ব–গৃহমুখী হোৱা লোকসকলৰ নিৰীক্ষণৰ বাবে চৰকাৰী নির্দেশনা অনুসৰি জিলাখনৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত ইতিমধ্যে সমষ্টি ভিত্তিত কোৱাৰেণ্টাইন কমিটী গঠন কৰা হৈছে আৰু বিশ্বনাথত গাঁও পর্যায়ৰ কোৱাৰেণ্টাইন কমিটীও গঠন কৰা হৈছে৷ একেদৰে জিলাখনৰ চাহ বাগিচাসমূহত এনে কোৱাৰেণ্টাইন কমিটী গঠন কৰিবলৈও জিলা প্রশাসনে নির্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে৷

You might also like