নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ৰাজহুৱা ষাঁড় গৰু সহ হাতে লোটে চোৰ ধৰিলে ৰাইজে

নিয়মীয়া বাৰ্তা, মেঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দগাঁও কালাৰদিয়া গাঁৱৰ এটা ৰাজহুৱা ষাড় গৰু এজন চোৰে চোৰ কৰি নি থাকোতে ষাড় গৰু সহ চোৰটো ৰাইজে হাতে লোটে ধৰে ৷ জানিব পৰা মতে,  আজি বিয়লি এজন গৰু চোৰে দগাঁও কালাৰদিয়া গাঁৱৰ ৰাজহুৱা ষাঁড় গৰুটো বান্ধি পানীখাইতিত কলহী নৈৰে পাৰ কৰিবলৈ লোৱাৰ সময়তে পানীখাইতিৰ এজন যুৱকে ওচৰৰে গাঁৱৰ চিনাকি ষাঁড় গৰুটো দেখা পাই অচিনাকি লোকজনক গৰুটো ক’ৰপৰা আনিলা বুলি সোধাত চোৰজনে আমত’লা গাঁৱৰ পৰা কিনি অনা বুলি কয় ৷ চোৰজনে মিছা মতা গম পাই লগে লগে যুৱকজনে ওচৰতে কালাৰদিয়া গাঁৱৰ খেতিপথাৰত কাম কৰি থকা কেইজনমান লোকক খবৰ দিয়ে ৷ লগে লগে পথাৰত থকা দগাঁও কালাৰদিয়া গাঁৱৰ লোক কেইজনে যুৱকজনৰ সহযোগত চোৰজনক কৰায়ত্ত কৰি গাঁওখনৰ গোসাঁইঘৰলৈ লৈ আহি চোৰজনক উত্তম মাধ্যম দিয়ে ৷ পিচত ৰাইজে ছয়গাঁও আৰক্ষীক খবৰ দিয়াত চোৰজনক থানালৈ লৈ আহে ৷ গৰু চোৰজন ছয়গাঁৱৰ গুমিৰ ওচৰৰ চৰাইমাৰীৰ বুলি জানিব পৰা গৈছে ৷ জানিবপৰামতে উক্ত গাঁওখনৰ আগতে এটা ষাঁড় গৰু হেৰাইছে যদিও সেইটোও গৰু চোৰে চোৰ কৰাটো আজি নিশ্চয় হৈ পৰিল ৷ এনেদৰে অব্যাহত থকা গৰু চোৰ চক্ৰটো উৎখাট কৰাৰ বাবে আৰক্ষী বিভাগক স্থানীয় ৰাইজে আহ্বান জনাইছে ।

You might also like